’১৯ত লোকসভালৈ হিমন্ত বিশ্ব, জালুকবাৰীত কোন?

who will take place of himanta biswa in jalukbari

বাওঁফালে হেমন্ত চৌধুৰী, সোঁৱে ৰাতুল শৰ্মা। ছবি- মৃদুল প্ৰীতম ডেকা।

বিধানসভাত আৰু প্ৰতিদ্বন্দ্বিতা নকৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২০১৯ৰ লোকসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় ৰাজনীতিলৈ যাব মন্ত্ৰী শৰ্ম্মা।

সংবাদমাধ্যমৰ সন্মুখত এই কথা মুকলিকৈ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী শৰ্মাৰ এই মন্তব্যই ৰাজ্যৰ ৰাজনীতিত ব্যাপক পট পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে।

কিছু দিন পূৰ্বে হাজোত এক অনুষ্ঠানত ভাগ লৈ নৰ্থ ইষ্ট নাও-ত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে হিমন্তক গুৱাহাটী লোকসভাৰ আসন এৰি দিবলৈ সাজু বুলি মন্তব্য কৰিছিল। পিছে ১৯ত হিমন্ত বিশ্ব লোকসভালৈ গ’লে, জালুকবাৰী আসনত স্থলাভিষিক্ত কৰিব কাক?

হিমন্তৰ জালুকবাৰী বিধানসভাৰ আসনখনত কোনে কৰিব প্ৰতিদ্বন্দ্বিতা? নৰ্থ ইষ্ট নাও-ৰ এই সাংবাদিকৰ হাতত পৰা শেহতীয়া তথ্য মতে ঘনিষ্ঠ লোকক সমষ্টিটো গতাব খোজে হিমন্ত বিশ্বই।

হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম পছন্দ কোন? পত্নী ৰিণিকি ভূঞা শৰ্মাক এই স্থান দিব বিচাৰিছে নেকি হিমন্ত বিশ্বই? শেহতীয়াকৈ হৈ যোৱা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত ব্যাপকভাৱে প্ৰচাৰ অভিযান চলাইছিল হিমন্তৰ পত্নী ভূঞা শৰ্মাই।

এই লৈয়ো সমষ্টিবাসীৰ মাজত চলিছে গুণা-গঁথা। জালুকবাৰী সমষ্টিৰ মণ্ডল বিজেপি সভাপতি দুলুমণি দাসে নৰ্থ ইষ্ট নাও-ক কয়, “ৰাষ্ট্রীয় ৰাজনীতিলৈ হিমন্ত বিশ্ব শৰ্মাই খোজ পেলালে সুখী হ’ম আমি। ৰিণিকি ভূঞাই হওক বা আন কোনোৱে হওক দলে যাক প্ৰাৰ্থিত্ব দিয়ে তাকেই জালুকবাৰী সমষ্টিত আদৰিবলৈ সাজু।”

ইফালে মন্ত্ৰী শৰ্মাৰ ঘনিষ্ঠ মহলে নৰ্থ ইষ্ট নাও-ক জনাইছে হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী আসনত বিচাৰে হিমন্ত বিশ্বৰ অতিকৈ ঘনিষ্ঠ হেমন্ত চৌধুৰীক। হেমন্ত চৌধুৰীক হিমন্ত বিশ্ব শৰ্মাৰ সোঁ হাত বুলি ক’লেও ভুল কোৱা নহ’ব। হিমন্ত বিশ্ব শৰ্মাৰ লগত দীৰ্ঘদিন ছাঁৰ দৰে থাকে এইজন হেমন্ত চৌধুৰী। হিমন্ত বিশ্ব শৰ্মাৰ অফিচিয়েল, ব্যক্তিগত সকলো কাম অধিকাংশ এইজন হেমন্ত চৌধুৰীয়ে কৰে পৰিচালনা। হেমন্ত চৌধুৰীয়ে প্ৰাৰ্থিত্ব পালে হিমন্ত বিশ্ব শৰ্মা সুখী হ’ব। ইতিমধ্যে জালুকবাৰী সমষ্টিত চৰ্চা চলিছে হেমন্ত চৌধুৰীৰ নাম।

তাৰ মাজতে চৰ্চা চলিছে হিমন্তৰ দ্বিতীয় পছন্দ প্ৰাক্তন বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু বিজেপিৰ যুৱ নেতা তথা হিমন্তৰ লগত অতিকৈ ঘনিষ্ঠ হাজোৰ যুৱ নেতা ৰাতুল শৰ্মাৰ নাম। ইতিমধ্যে লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা সন্দৰ্ভত দিল্লীক জনাইছে হিমন্ত বিশ্বই।