নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী পৰ্য্যটন থলী সমূহৰ উন্নয়নৰ বাবে চামগুৰিৰ লুংচুংত পথৰ আধাৰশিলা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ

প্ৰাকৃতিৰ ৰম্যভূমি হিচাবে পৰিচিত নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী ঐতিহ্যমণ্ডিত চাপানালা, নীলাপানী, বৰজুৰি আদিকে ধৰি বিভিন্ন অঞ্চল। চাপানালাৰ ইতিহাস প্ৰসিদ্ধ চম্পাৱতী জলপ্ৰপাতৰ পিছতেই বৃহত্তৰ সীমান্তৱৰ্ত্তী অঞ্চলটোৰ আন এক সৌন্দৰ্য্যশালী জলপ্ৰপাত হ’ল লুংচুং স্থিত হদহদী জলপ্ৰপাত।

অপৰূপ সৌন্দৰ্য্যৰে ভৰপূৰ এই জলপ্ৰপাতটোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে যদিও জলপ্ৰপাতটোলৈ অহা-যোৱা কৰা সুদীৰ্ঘ পথ চোৱাৰ দুৰৱস্থাৰ বাবে ক্ৰমশঃ হ্ৰাস পাই অহা পৰিলক্ষিত হৈছে পৰ্যটকৰ ভিৰ তথা বনভোজকাৰীৰ সংখ্যা।

মনোমোহা হদহদী জলপ্ৰপাতটোৰ লগতে সমগ্ৰ পৰ্য্যটন থলীখনৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘অসম দৰ্শন’ আঁচনিৰ অধীনত জলপ্ৰপাতটোলৈ অহা-যোৱা কৰা পথ চোৱা নিৰ্মাণৰ বাবে লুংচুং চাহ বাগিছাত উপস্থিতহৈ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এটি আধাৰশিলা স্থাপন কৰে।

বিশেষ পৰ্যটনস্থলী খনক সংযোগ কৰা পথৰ নিৰ্মাণ আগন্তুক তিনি/চাৰি মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আধাৰশিলা স্থাপনৰ অনুষ্ঠানটোত স্পষ্ট কৰে মন্ত্ৰী গৰাকীয়ে।

অৱশ্যে, কৰ্ম ব্যস্ততাৰ মাজতো কিছু সময় ধৰি প্ৰকৃতিৰ সৈতে একাত্ম হোৱাৰ প্ৰয়াস কৰা দেখা গ’ল কলিয়াবৰ মহকুমাধিপতিকে ধৰি কেইবাজনো অভিযন্তা সহ জলপ্ৰপাতটোৰ কাষত উপস্থিত হোৱা ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তক।

ইফালে, সম্প্ৰতি অতি শোচনীয় অৱস্থালৈ গতি কৰা চাপানালাৰ ঐতিহাসিক চম্পাৱতী পৰ্যটনস্থলীখনৰো গৃহ সমষ্টি বঢ়হমপুৰৰ বৰ্তমানৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তয়ে আগন্তুক দিনত নিশ্চয় বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে।

লগতে অতি আশ্চৰ্যজনকভাৱে চাপানালাৰ জীয়াজুৰি চাহ বাগিছাৰ মেনেজাৰ বাংলাৰ চৌহদত শোভাবৰ্দ্ধন কৰি থকা বুৰঞ্জী প্ৰসিদ্ধ কাছাৰী ৰজা হংসধ্বজৰ দিনৰে পুৰাতাত্বিক সমল শিলৰ তোৰণ খন সৰ্বসাধাৰণক দৰ্শন কৰিবলৈ বাগিছা কতৃপক্ষয়ে বাধা প্ৰদান কৰি অহা বিষয়টোৰ সন্দৰ্ভত চাহ বাগিছা খনৰ কতৃপক্ষৰ সৈতে নগাঁও জিলা প্ৰশাসনক আলোচনা মাধ্যমৰে অতি সোনকালেই সু-ব্যৱস্থা কৰি দিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে নিৰ্দেশ প্ৰদান কৰা দেখা যায় মন্ত্ৰী কেশৱ মহন্তই।

লক্ষণীয়ভাৱে আগন্তুক বিধানসভাৰ নিৰ্বাচনত চামগুৰি সমষ্টিৰ বাবে অগপৰ প্ৰক্ষেপিত প্ৰাৰ্থী মণিমাধৱ মহন্ত হ’ব নে নাই তাক ৰাজহুৱা কৰিবলৈ অপ্ৰস্তুত হোৱা মন্ত্ৰী কেশৱ মহন্তই কিন্তু বঢ়হমপুৰ সমষ্টিটো এইবাৰো পূৰ্বৰ দৰেই অগপৰে দখলত থাকিব বুলি সংবাদ মাধ্যমৰ সন্মুখত পূৰ্বানুমান কৰা দেখা যায়।