ফাঁচি বজাৰ আইনৰ উৰ্ধ্বত নহয়, ফাঁচি বজাৰ অসমৰ মালিক নহয় : পিযুষ হাজৰিকা

ফটো : নৰ্থ-ইষ্ট নাও

‘ফাঁচি বজাৰ আইনৰ উৰ্ধ্বত নহয়, ফাঁচি বজাৰ অসমৰ মালিক নহয়৷ ফাঁচি বজাৰৰ মানুহে যদি ভাবে আমাৰ পইচা আছে সকলো কৰিব পাৰিম, সেয়া নহ’ব’। আজি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই ফাঁচি বজাৰৰ সামগ্ৰীক পৰিৱেশৰ বুজ লৈ এই মন্তব্য কৰে৷

গুৱাহাটীত চলি থকা লকডাউনৰ মাজতেই আজি ফাঁচি বজাৰৰ পৰিবেশ দেখি অগ্নিশৰ্মা হৈ পৰে মন্ত্ৰীজন৷ মন্ত্ৰীজনে কয়, ‍‘ফাঁচি বজাৰৰ মানুহে কাকো পাত্তাই দিব নোখোজে৷ কোনো সামাজিক দূৰত্ব নাই’।

সামাজিক দূৰত্ব নামানি ব্যৱসায় চলাই থকা এজন ব্যৱসায়ীক উদ্দেশ্যি মন্ত্ৰীজনে কয়, ‍‘মই কাকো ভয় নকৰো৷ মই বাহিৰত দেখা নাই, মোক  টুপি পিন্ধাবলৈ চেষ্টা নকৰিব’৷

উল্লেখ্য যে, মহানগৰীত লকডাউন শিথিল কৰাৰ আজি দ্বিতীয় দিন৷ যাৰ ফলত ফাঁচি বজাৰত অসংখ্য লোকে ভিৰ কৰা পৰিলক্ষিত হয়। আনকি বহুতক সামাজিক দূৰত্বৰ কথাও শিকাব লগা হ’ল মন্ত্ৰী পিযুষ হাজৰিকাই৷

ইপিনে দোকান সমূহৰ গৰাকী সমূহক গ্ৰাহকৰ সামাজিক দূৰত্ব বজাই ৰাখি বস্তু বিক্ৰী কৰিবলৈ আহ্বান জনায়৷ যদি আগন্তুক সময়ত চৰকাৰৰ নীতি-নিয়ম মানি নচলে তেনেহ’লে দুমাহ পৰ্যন্ত চীল কৰি দিব পাৰে ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু গৰাকীৰ ওপৰত তৰিব পাৰে গোচৰ। প্ৰতিজন ব্যৱসায়ীক এই সাৱধান বাণী শুনাই মন্ত্ৰী হাজৰিকাই৷

মন কৰিব লগীয়া যে, ফাঁচি বজাৰৰ পৰাই গুৱাহাটীত আৰম্ভ হৈছিল ক’ৰ’নাৰ গণ সংক্ৰমণ। সেয়ে মন্ত্ৰীজনে ফাঁচি বজাৰলৈ অহা প্ৰত্যেকগৰাকী লোককে সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে একাশংক ধমক দি সামজিক দূৰত্ব বজাই ৰখাৰ আহ্বান জনাই আৰু আৰক্ষীকো কঠোৰ হ’বলৈ আহ্বান জনায়৷