ভূটানৰ বান্ধৰ পানীয়ে মূধচ পৰ্য্যন্ত উটুৱাই লৈ যোৱা কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ শিক্ষাখণ্ডৰ অন্তৰ্গত ফালুগুৰী নয়াপাৰা প্ৰাথমিক বিদ্যালয়খন আজি সমাজ কল্যাণ মন্ত্ৰী তথা বি পি এফ দলৰ জ্যেষ্ঠ নেত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই ভ্ৰমণ কৰে।
গ্ৰীষ্ম বন্ধ শেষ হোৱাৰ পিছত যোৱা ১ আগষ্টৰ পৰা পাঠদান আৰম্ভ হ’ব লাগিছিল যদিও ধ্বংসস্তূপত পৰিণত হোৱা বিদ্যালয়খনত সেয়া সম্ভৱ হোৱা নাই। অস্থায়ীভাৱে এটা ক্লাব ঘৰতহে পাঠদান কৰা হৈছে, স্থানীয় লোকে জনায়।
মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খন ভ্ৰমণ কৰি সংবাদ মাধ্যমক জনায় যে তেওঁ এই বিদ্যালয়খনৰ ঘৰটো নতুনকৈ নিৰ্মাণ কৰিবৰ বাবে পুঁজিৰ অনুমোদন দিবলৈ শিক্ষা মন্ত্ৰীলৈ পত্ৰ লিখিব। তেওঁ আজি কোকৰাঝাৰ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাগৃহত এখন পৰ্য্যালোচনা সভাত অংশগ্ৰহণ কৰি বানে সৃষ্টি কৰি যোৱা পৰিস্থিতিৰ বিষয়ে উপায়ুক্ত আৰু সংশ্লিষ্ট আন আন পক্ষৰ সৈতে আলোচনা কৰে।
মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ পৰা এই বিদ্যালয়খন বানে সম্পূৰ্ণ ধ্বংস কৰি পেলোৱাৰ বিষয়ে অৱগত হোৱা বুলি জনায়।
“মই আজি বিদ্যালয়খন ভ্ৰমণ কৰিলো আৰু এই বিষয়টো মই শিক্ষা মন্ত্ৰীৰ সৈতে আলোচনা কৰিম আৰু নতুনকৈ বিদ্যালয়গৃহ নিৰ্মাণৰ বাবে ধনৰ অনুমোদনৰ বাবে অনুৰোধ কৰিম।” মন্ত্ৰীগৰাকীয়ে কয়।
আনহাতে গোসাঁইগাৱঁৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া (BEEO) অমনচিং ব্ৰহ্মই জনায় যে তেওঁ বিদ্যালয়খন সম্পূৰ্ণ বিধ্বস্ত হোৱাৰ বিষয়ে প্ৰধান শিক্ষক, গাওঁবাসীৰ পৰা ২৯ জুলাইত জানিব পাৰে। তেতিয়াই তেওঁ গাওঁখনৰ নয়াপাৰাৰ ক্লাব সভাপতি আৰু সম্পাদকলৈ ক্লাবটোত পাঠদানৰ অনুমতি দিবলৈ পত্ৰ লিখে। এতিয়া ক্লাব ঘৰতে পাঠদান হৈ আছে।
ব্ৰহ্মই লগতে কয়, তেওঁলোকে পাঠদানৰ বাবে এটা অস্থায়ী শিবিৰ নিৰ্মাণ কৰিব, যেতিয়ালৈকে নতুন অনুদানেৰে বিদ্যালয়গৃহ নিৰ্মাণ হৈ নুঠে।।
মন্ত্ৰী ব্ৰহ্মই ভ্ৰমণৰ সময়ত প্ৰাথমিক বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে।