NORTHEAST NOW (Assamese)

অসম চৰকাৰৰ সন্মান ওভতাই দিলে শ্বহীদ পৰিয়ালে

January 30, 2019 4:42 pm · কল্পজ্যোতি শইকীয়া
Updated: January 30, 2019 6:36 pm
গুৱাহাটীত বুধবাৰে শাৰী পাতি শ্বহীদ সন্মান ঘূৰাই দিয়াৰ দৃশ্য। ছবি- ইউ বি।

অসমৰ ইতিহাসৰ পৃষ্ঠাত এক নজিৰবিহীন ঘটনা। চহিদ (শ্বহীদ অৰ্থই বুজোৱা আমাৰ প্ৰতিষ্ঠান-গৃ্হীত বানান)ৰ কেঁচা তেজৰ মূল্য দিব নোৱাৰা সোণোৱাল চৰকাৰৰ দিনতে সংঘটিত হৈছে এনে কাৰ্য্য।

চহিদ পৰিয়ালে বুধবাৰে সোণোৱালক ঘূৰাই দিয়ে চহিদক দিয়া সন্মান। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতাৰে বুধবাৰে অসম আন্দোলনৰ চহিদ পৰিয়ালে কামৰূপ মহানগৰৰ জিলা উপায়ুক্তক মুখ্য মন্ত্ৰীয়ে দিয়া সন্মান ও‌‌ভটাই দিলে।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ১৫০টা চহিদ পৰিয়ালে লোৱা সিদ্ধান্ত মৰ্মে গুৱাহাটীৰ লতাশিলত থকা “শ্বহীদ ন্যাস”ৰ পৰা সমদল কৰি আহি বঁটা ওভটাবলৈ উপস্থিত হয় উপায়ুক্তৰ কাৰ্যালয়ত।

২০১৬ চনৰ  ১০ ডিচেম্বৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজ হাতে প্ৰদান কৰিছিল এই বঁটা। বঁটাৰ লগত প্ৰদান কৰা ৫ লাখ টকাও প্ৰয়োজন সাপেক্ষে ঘূৰাই দিব শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদে।

পৰিষদৰ সভাপতি ৰাজেন ডেকাই নৰ্থ ইষ্ট নাও-ক কয়, “সৰ্বানন্দ সোণোৱালে চহিদৰ কেঁচা তেজৰ মূল্য দিব নোৱাৰিলে। গতিকে তেওঁ চহিদক দিয়া সন্মান ঘূৰাই দিয়া হ’ল।চহিদৰ আত্ম বলিদানৰ ফলত স্বাক্ষৰিত হৈছিল অসম চুক্তি। চুক্তিৰ ৫ নং দফাত উল্লেখ আছে যে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত অহা সকলো ধৰ্মাৱলম্বী লোকেই অসমৰ পৰা বহিস্কৃত হ’ব লাগিব। তাকে নকৰি ২০১৬ চনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আনি বাহিৰৰ পৰা মানুহ আনি অসমত সংস্থাপিত কৰি হিন্দুত্ববাদেৰে অসমত কাম কৰিব বিচাৰিছে।”

বিধেয়কখনে ভাৰতীয় সংবিধানখনৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰক আঘাত হানিছে বুলিও তেওঁ কয়।

ইয়াৰোপৰি ২০১৪ চনলৈকে অহা বিদেশীক স্বদেশী কৰি চহিদসকলক অপমান কৰাটো কোনোপধ্যেই মানি লোৱা নহ’ব বুলি তেওঁ কয়।

“সৰ্বানন্দ সোণোৱালে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বিদেশী বহিস্কাৰ আন্দোলনৰ গুৰি ধৰিছিল। সেইজন সৰ্বানন্দ সোণোৱালে আই এম ডি টি আইন বাতিল কৰি জাতীয় নায়ক উপাধি লাভ কৰিছিল। তেওঁ নায়ক নহয়, তেওঁ খলনায়ক হ’বলৈ গৈ আছে,” মন্তব্য কৰে পৰিষদৰ সভাপতি ৰাজেন ডেকাই।

আনহাতে পৰিষদৰ সাধাৰণ সম্পাদক চন্দ্ৰকান্ত তালুকদাৰে কয় যে সোণোৱালে চহিদৰ আত্ম বলিদানৰ মূল্য দিব নোৱাৰিলে।

সৰ্বানন্দ সোণোৱালৰ সৈতে চহিদ পৰিয়ালসমূহ বিধেয়ক সন্দৰ্ভত ৫বাৰকৈ আলোচনাত বহাৰ পাছতো তেওঁৰ কৰা একো সঁহাৰি নোপোৱাত চহিদ পৰিয়ালে বঁটা ঘূৰাই দিয়া বুলিও তেওঁ উল্লেখ কৰে।

উল্লেখ্য যে, গুৱাহাটীৰ উপৰি ৰাজ্যৰ আন জিলা সমূহটো পৰিয়ালসমূহে উপায়ুক্তৰ জৰিয়তে আজিৰ দিনটোতে ঘূৰাই দিছে চহিদক দিয়া সন্মান।

Related News