• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গণ আক্ৰমণৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছত চিকিৎসা পৰীক্ষা কৰিবলৈ অস্বীকাৰ ৰকিবুল হুছেইনৰ : অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2025 8:41 am
638
VIEWS
Share on FacebookShare on Twitter

যোৱা ২০ ফেব্ৰুৱাৰীত নগাঁও জিলাৰ ৰূপহী অঞ্চলত গণ আক্ৰমণৰ সন্মুখীন হয় ধুবুৰী লোকসভা সমষ্টিত সাংসদ ৰকিবুল হুছেইন আৰু তেখেতৰ পুত্ৰ তাঞ্জিল হুছেইন।

এই ঘটনাৰ পিছতেই আৰক্ষী থানাত এজাহাৰ দাখিল কৰে সাংসদ ৰকিবুল হুছেইনে।

এই ঘটনাৰ তদন্তৰ দাবী জনোৱাৰ লগতে আক্ৰমণকাৰীক কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে।

ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বাই অভিযোগ উত্থাপন কৰিছে যে ৰকিবুল হুছেইনে এজাহাৰ দাখিল কৰিছে যদিও কংগ্ৰেছ সাংসদগৰাকীয়ে চিকিৎসা পৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰিছে।

উল্লেখযোগ্য যে চিকিৎসা প্ৰতিবেদন অবিহনে আইন প্ৰয়োগকাৰী কৰ্তৃপক্ষই গোচৰৰ সঠিক মূল্যায়ন কৰিব নোৱাৰে বা ভাৰতীয় ন্যায় সংহিতা (ভাৰতীয় দণ্ডবিধিৰ) সংশ্লিষ্ট ধাৰাসমূহ প্ৰয়োগ কৰিব নোৱাৰে।

এই সম্পৰ্কে হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখিছে – “কংগ্ৰেছৰ মাননীয় সাংসদ ৰকিবুল হুছেইনে কালি সংঘটিত এক আক্ৰমণৰ অভিযোগ উত্থাপন কৰি আজি এজাহাৰ দাখিল কৰিছিল। অৱশ্যে সাংসদগৰাকীয়ে এতিয়ালৈকে চিকিৎসা পৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰিছে। এই পৰীক্ষা অবিহনে আইনী প্ৰক্ৰিয়া সঠিকভাৱে নিৰ্ধাৰণ তথা এজাহাৰত ভাৰতীয় ন্যায় সংহিতাৰ (ভাৰতীয় দণ্ডবিধি) উপযুক্ত ধাৰা প্ৰয়োগ কৰিব পৰা নাযায়। কংগ্ৰেছ দল আৰু বিৰোধী দলৰ দলপতিয়ে এই স্থিতি মন কৰাটো প্ৰয়োজনীয়।”

কিন্তু মুখ্যমন্ত্ৰীৰ এই পোষ্টটোৰ পিছতে সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আন এক অভিযোগ দাখিল কৰি সামাজিক মাধ্যমত লিখিছে – “লোকসভাৰ মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক দিনদুপৰতে কৰা নিৰ্মম আক্ৰমণৰ বিৰুদ্ধে দিয়া গোচৰৰ অসম ৰাজ্যিক আৰক্ষীক এফআইআৰ ৰুজু কৰিবলৈ দিয়া নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, গুণ্ডাকেইটাই আৰক্ষী বিষয়াকো আক্ৰমণ কৰি তেওঁলোকৰ অস্ত্ৰ–শস্ত্ৰ কাঢ়ি নিবলৈ চেষ্টা কৰিছিল। তৎসত্বেও আক্ৰমণকাৰী দূৰ্বৃত্ত কেইটাই লাভ কৰে মুখ্যমন্ত্ৰীৰ সুৰক্ষা। বিজেপিৰ শাসনত অসম আৰক্ষীৰ এনে দুৰ্দশা চিন্তনীয় ।‘’

উল্লেখ্য যে শুকুৰবাৰে কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে তেওঁৰ ওপৰত সংঘটিত আক্ৰমণৰ সন্দৰ্ভত ২২ জন লোকৰ নাম উল্লেখ কৰি আৰক্ষীৰ এজাহাৰ দাখিল কৰিছে।

আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, হুছেইনৰ অভিযোগ নগাঁও সদৰ থানাত পঞ্জীয়ন কৰা হৈছে। ইফালে, ৰকিবুল হুছেইনৰ ওপৰত সংঘটিত আক্ৰমণৰ অভিযোগত অসম আৰক্ষীয়ে ১০ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।

Recent News

ট্ৰাম্পৰ ভাবুকিৰ পাছতো মৌন ৰাছিয়া! গোপনে চলিছে নেকি ৰাছিয়াৰ বৃহৎ কৌশল?

ট্ৰাম্পৰ ভাবুকিৰ পাছতো মৌন ৰাছিয়া! গোপনে চলিছে নেকি ৰাছিয়াৰ বৃহৎ কৌশল?

ভাই ৰন্টু…! ৰন্টু পানীফুকনলৈ লিখা চিঠিত কি লিখিলে অখিল গগৈয়ে!‎

ভাই ৰন্টু…! ৰন্টু পানীফুকনলৈ লিখা চিঠিত কি লিখিলে অখিল গগৈয়ে!‎

বিদ্যালয়ৰ পৰা মুছলীম অধ্যক্ষক আঁতৰাবলৈ ভয়ংকৰ কাণ্ড : বিদ্যালয়ৰ পানী টেংকিত বিহ মিহলালে শ্ৰীৰাম সেনাই

বিদ্যালয়ৰ পৰা মুছলীম অধ্যক্ষক আঁতৰাবলৈ ভয়ংকৰ কাণ্ড : বিদ্যালয়ৰ পানী টেংকিত বিহ মিহলালে শ্ৰীৰাম সেনাই

শ্বিলঙৰ-ডাউকী পথত মৰ্মান্তিক দুৰ্ঘটনা! ঘাইপথত সুৰক্ষা চিহ্ন স্থাপনৰ নিৰ্দেশ মেঘালয় চৰকাৰৰ

শ্বিলঙৰ-ডাউকী পথত মৰ্মান্তিক দুৰ্ঘটনা! ঘাইপথত সুৰক্ষা চিহ্ন স্থাপনৰ নিৰ্দেশ মেঘালয় চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd