NORTHEAST NOW (Assamese)

অসম-নগালেণ্ডৰ সংযোগী মৰিয়নীৰ পথেৰে অনিৰ্দিষ্ট কাললৈ যানবাহন চলাচল বন্ধ

October 31, 2020 3:32 pm · নীৰ্মলেন্দু পাঠক

অসম-নগালেণ্ডৰ মাজত মৰিয়নী সংযোগী পথেৰে অনিৰ্দিষ্ট কাললৈ যানবাহনৰ চলাচল বন্ধ কৰা হৈছে l এই সিদ্ধান্ত গ্ৰহণ কৰিছে মটৰ ড্ৰাইবাৰ্ছ ইউনিয়নে।

এউনিয়নে জনাইছে যে মৰিয়নী-নগালেণ্ডৰ মাজত অনিৰ্দিষ্ট কাললৈ যানবাহন বন্ধ থাকিব l

মৰিয়নী-নগালেণ্ডৰ মাজত জৰাজীৰ্ণ পথৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে l

মৰিয়নী নতুন ড্ৰাইভাৰ ইউনিয়নৰ মতে মৰিয়নী-নগালেণ্ডৰ মাজত জৰাজীৰ্ন পথৰ মেৰামতী নকৰা পযৰ্ন্ত বন্ধ থকিব যানবাহনৰ চলাচল।

এই সময়ছোৱাত লঘু আৰু মালবাহী সকলো ব্যৱসায়িক বাহন বন্ধ থাকিব। তৎকালীনভাৱে বলৱৎ হোৱাকৈ কালি এই এই সিধান্ত গ্ৰহণ কৰা হৈছে বুলি  ইউনিয়নে জনাইছে।

ইতিমধ্যে নগালেণ্ডৰ প্ৰশাসন তথা মোককচাংৰ উপায়ুক্তক লিখিত সিধান্ত প্ৰদান কৰিছে ড্ৰাইভাৰ ইউনিয়নে l

Related News