২৫ বছৰে চি আই এছ এফত চাকৰি কৰিও ‘ডি ভোটাৰ’ ঘোষিত হ’ল মামুদ আলী

১৯৫১ চনৰ এন আৰ চিত নাম আছে বৰ্তমান কলকাতাত কৰ্মৰত মামুদৰ পিতৃৰ

চি আই এছ এফৰ জোৱান মামুদ আলী

কিছুদিন পূৰ্বে প্ৰাক্তন সেনা বিষয়া ছানাউল্লাহক বিদেশী ঘোষণা কৰাৰ পাছতেই এইবাৰ ডি-ভোটাৰ ঘোষণা কৰা হ’ল চি আই এছ এফৰ এগৰাকী জোৱানক। বিগত ২৫ বছৰে চি আই এছ এফত কৰ্মৰত কামৰূপ গ্ৰাম্যৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত দলাগাঁৱৰ মামুদ আলী নামৰ জোৱানজনক ডি-ভোটাৰ হিচাপে চিহ্নিত কৰা হয়।

‘ডি-ভোটাৰ’ৰ জাননী লাভ কৰাৰ পাছতে কলিকতাত কৰ্মৰত জোৱানগৰাকী কালি সন্ধিয়া নিজৰ বাসগৃহত উপস্থিত হয়। তাৰ পাছতে তেওঁ আচম্বিত হৈ পৰাৰ লগতে বিমৰ্ষ অৱস্থাত দেখিবলৈ পোৱা গ’ল।

‘মই ২৫ বছৰে চি আই এছ এফত কাম কৰি আছো। মোৰ দেউতাৰ ১৯৪৭ চনৰ স্কুল চাৰ্টিফিকেট আছে। ১৯৬৬ আৰু ৭১ চনৰ ভোটাৰ লিষ্টত নাম আছে। মই দেশৰ হকে কাম কৰি আছো। মোৰ সকলো নথি-পত্ৰ থকাৰ পাছতো মোৰ এতিয়া আত্ম সন্মানত আঘাত পাইছো।‘ সাংবাদিকৰ আগত দুখ প্ৰকাশ কৰি লগতে তথ্য পাতি প্ৰদৰ্শন কৰি এইদৰে কয় মামুদ আলীয়ে।

তেওঁলৈ ডি ভোটাৰ সন্দৰ্ভত পূৰ্বে কোনো জাননী বা নথি বিদেশী ন্যায়াধিকৰণে প্ৰেৰণ কৰা নাই বুলি অভিযোগ তুলি মামুদে কয় ‘কি চৰ্তে মোক ডাইৰেক্ট ডি-ভোটাৰ ঘোষণা কৰা হ’ল? মোক ন্যায় লাগে।‘

উল্লেখ্য যে, দলাগাঁৱৰ প্ৰয়াত কেৰামত আলী শ্বেখৰ পুত্ৰ মামুদ। কেৰামত আলীৰ ১৯৫১ চনৰ এন আৰ চিতো নাম থকা বুলি জানিবলৈ দিয়ে তেওঁৰ পুত্ৰ মামুদে। কলিকতাৰ পূৰ্বে তেওঁ হিমাচল প্ৰদেশ আৰু জন্মু কাশ্মীৰত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে।

স্মৰ্তব্য যে, ছানাউল্লাহৰ বিদেশী ঘোষণা কৰাৰ পাছত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ মাৰ নৌ যাওঁতেই এই ঘটনা সংঘটিত হোৱাত পুনৰবাৰ দলাগাওঁবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।