এন আৰ চিৰ তথ্য চৰকাৰী ৱেবছাইটৰ পৰা “ৰহস্যজনক” অন্তৰ্ধান

NRC-website-750x375

অসমৰ সৰ্বসাধাৰণ লোকক মহা হাৰাশাস্তিৰ মাজেৰে দেশৰ স্বাৰ্থত প্ৰস্তুত কৰা এন আৰ চিৰ তথ্য অন্তৰ্ধান হৈছে ইয়াৰ চৰকাৰী ৱেবছাইটৰ পৰা।

NRC-ৰ চৰকাৰী ৱেবছাইটত ইয়াৰ বাবে দুটা লিংক দিয়া আছে। সেইকেইটা হ’ল-
RESULT FOR ALL NRC APPLICANTS AS PER DRAFT NRC & SUPPLEMENTARY LIST OF INCLUSION AND EXCLUSION (FINAL NRC) LINK 1
আৰু
RESULT FOR ALL NRC APPLICANTS AS PER DRAFT NRC & SUPPLEMENTARY LIST OF INCLUSION AND EXCLUSION (FINAL NRC) LINK 2

কিন্তু যদি ক্লিক কৰা হয়, তেতিয়া পেইজকেইটা খোল নাখায় বা কোনো অন্য লিংকলৈ Redirect নকৰে।

কথাটো বিশ্বাস কৰিবলৈ টান লাগিলেও এইটোও সত্য যে এই চাঞ্চল্যকৰ কথাটোক কৰ্তৃপক্ষই এটা পালমৰা মন্তব্যৰে সহজভাৱে লৈছে।

কৰ্তৃপক্ষৰ মতে ডেটা ৰখা server-ৰ Cloud storage period শেষ হৈছে বাবে এয়া খোল খোৱা নাই। এন আৰ চি কৰ্তৃপক্ষৰ এই ভাষ্য প্ৰকাশ পাইছে টাইমছ অব ইণ্ডিয়াৰ এটা প্ৰতিবেদনত।

অসমৰ প্ৰায়বোৰ জাতীয় সংগঠনৰ দাবীত আৰু উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত এটা ৬ বছৰীয়া জটিল প্ৰক্ৰিয়াৰ মাজেৰে যোৱা বছৰৰ ৩১ আগষ্টত অসমৰ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পাইছিল।

চূড়ান্ত এন আৰ চিত ৩,১১,২১,০০৪গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে ১৯,০৬,৬৭৭গৰাকী লোকৰ নাম বাদ পৰিছিল।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এই তথ্যবোৰ যোৱা বছৰ অক্টোবৰৰ পৰা অনলাইনত উপলব্ধ কৰা হৈছিল।
এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰা প্ৰক্ৰিয়াটোত অসমৰ সৰ্বসাধাৰণ লোকে বহু হাৰাশাস্তিৰ সন্মুখীন হৈছিল আৰু বহুকেইজনে মানসিক চাপ সহিব নোৱাৰি আত্মহত্যা পৰ্য্যন্ত কৰিছিল।

গোটেই প্ৰক্ৰিয়াটোৰ সময়ত আই এ এছ বিষয়া প্ৰতীক হাজেলা এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিচাপে আছিল আৰু তেওঁৰ দ্বাৰাই কামৰ তদাৰক কৰা হৈছিল।

কিন্তু চূড়ান্ত তালিকাখন প্ৰকাশৰ পিছতে প্ৰতীক হাজেলাক উচ্চতম ন্যায়ালয়ে বদলি কৰে আৰু ৯ নৱেম্বৰত এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ গুৰুত্বপূৰ্ণ পদটোত ৰাজ্য চৰকাৰে হিতেশ দেৱশৰ্মাক নিযুক্তি দিয়ে। নিযুক্তিৰ পিছতে শৰ্মা তেওঁৰ বিতৰ্কিত ফেইচবুক পোষ্টবোৰৰ বাবে চৰ্চিত হৈছিল আৰু উচ্চতম ন্যায়ালয়েও ইয়াৰ বাবে চৰকাৰৰ পৰা কৈফিয়ৎ বিচাৰিছিল।

দেৱ শৰ্মাই ২৪ ডিচেম্বৰৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰিছে।

মন কৰিব লগীয়া যে উন্নীতকৃত এন আৰ চিৰ তালিকাক লৈ শাসক দল বিজেপি সন্তুষ্ট নহয় বুলি দলটোৰ নেতাসকলৰ মন্তব্যই স্পষ্ট কৰি আহিছে।

১১ ফেব্ৰুৱাৰিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এন আৰ চিৰ তথ্যৰ অনলাইন উপলব্ধতা ৰহস্যজনকভাৱে বন্ধ হোৱাৰ কথাটো জনাই ভাৰতৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

সংবাদ মাধ্যমত প্ৰকাশিত এটা বাতৰিত শইকীয়াই পত্ৰখনত এই ঘটনাটোত সন্দেহৰ গোন্ধ পাইছে আৰু ইয়াক ইচ্ছাপূৰ্বক তথা অভিপ্ৰায়মূলক বুলি অভিযোগ কৰিছে।

এন আৰ চি কৰ্তৃপক্ষৰ “লাহে লাহে যোৱা” মনোভাবৰ কথাও উল্লেখ কৰে শইকীয়াই।