NORTHEAST NOW (Assamese)

সৰ্বোচ্চ ন্যায়ালয়ৰ ককৰ্থনাৰ পিছতে অসমৰ এন আৰ চিক লৈ বিবৃতি কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ

February 5, 2019 10:37 pm · এন ই নাও নিউজ
Updated: February 5, 2019 10:43 pm
ৰাজনাথ সিঙৰ ফাইল ছবি।

অসমত এন আৰ চি উন্নীতকৰণত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক সৰ্বোচ্চ ন্যায়ালয়ে মঙলবাৰে কঠোৰভাৱে ককৰ্থনা কৰাৰ পিছতে বিষয়টো সন্দৰ্ভত বিবৃতি জাৰি কৰিছে দেশৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙে।

লগতে পঢ়িবলৈ ক্লিক কৰক– এন আৰ চিত কেন্দ্ৰৰ ভূমিকা উদঙাই দিলে দেশৰ উচ্চতম ন্যায়ালয়ে

এন আৰ চি সম্পূৰ্ণকৰণৰ তাৰিখ পিছুওৱাৰ বাবে উচ্চতম ন্যায়ালয়ত খোদ গৃহ মন্ত্ৰ্যালয়েই আবেদন কৰাৰ বিপৰীতে সিঙে কয় যে নিৰ্ধাৰিত সময়তে সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ চৰকাৰ।

“এইটোও নিশ্চিত কৰা হ’ব যাতে কোনো ভাৰতীয় বাদ নপৰে বা কোনো বিদেশীৰ নাম যাতে চূড়ান্ত এন আৰ চিত নোসোমায়,” সিঙৰ বিবৃতিত প্ৰকাশ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে এন আৰ চি প্ৰক্ৰিয়াটো আগ বঢ়াই নিয়া বুলিও সিঙে মন্তব্য কৰিছে।

সিঙে লগতে কয় যে গৃহ বিভাগে ৰাজ্য চৰকাৰক এন আৰ চিৰ কাম সময়মতে আৰু নিৰপেক্ষভাৱে কৰিবৰ বাবে প্ৰয়োজনীয় ধন আৰু সম্পদ যোগান ধৰিছে।

Related News