এইবাৰ অসমত ঘটিছে ক’ৰ’না ভাইৰাছকলৈ বৰ্ণবৈষম্যৰ দৰে এক লজ্জাজনক ঘটনা।
উত্তৰ ভাৰত তথা দেশৰ ৰজধানী দিল্লীত উত্তৰ পূৱৰ মংগোলীয় মুখাৱয়বৰ লোকসকল সততে বৰ্ণবৈষম্য বলি হোৱাৰ লগতে চীনা লোকক বুলি নিৰ্যাতিত হৈ আহিছে।
শেহতীয়াকৈ চীনৰ য়ুহান চহৰত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উৎপত্তি হোৱাৰ পিছত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ লগতে ৰাজধানী দিল্লী আৰু দেশৰ বিভিন্ন প্ৰান্তত উত্তৰ পূৱৰ মংগোলীয় মুখাৱয়বৰ লোকসকলক আক্ৰমণৰ কৰাৰ দৰে ঘটনাও সংঘটিত হৈ আহিছে।
তদ্ৰূপ ঘটনা এইবাৰ সংঘটিত হৈছে উত্তৰ পূৱৰ দুৱাৰমুখ খ্যাত খুদ গুৱাহাটী মহানগৰীতে।
ঘটনাটো সংঘটিত হৈছে গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত।
ঘটনাৰ বিৱৰণী অনুসৰি ২৫ বছৰীয়া ক্ষেট্ৰিমায়ুম বিদ্যাৱতী দেৱী নামৰ মণিপুৰৰ ইম্ফলৰ এগৰাকী নাৰ্ছে তেওঁৰ সহকৰ্মীসকলৰ লগত হাস্পতালৰ পৰা গৃহাভিমুখে যাবলৈ লওঁতে কিছু লোকে তেওঁলোক ‘ক’ৰ’নাভাইৰাছ ক’ৰ’নাভাইৰাছ’ বুলি ইতিকিং কৰি চিঞৰিবলৈ ধৰে।
আক্ৰান্ত নাৰ্ছগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ‘আমি এই সম্পৰ্কে হাস্পতাল কৰ্তৃপক্ষক অৱগত কৰিছো।’ বৰ্তমানলৈকে তেওঁলোকে আৰক্ষী ওচৰ চপা নাই বুলি জানিবলৈ দিছে।
দেৱীয়ে অভিযোগ কৰি কয় যে চীনা লোকৰ সৈতে তেওঁলোকৰ মুখমণ্ডলৰ সাদৃশ্য থকাৰ বাবে এইদৰে তেওঁলোকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে।
‘দিল্লীত কথাটো অলপ সুকীয়া, উত্তৰ পূৱ লোকসকল যে চীনাসকলৰ সৈতে একে নহয় সেয়া দিল্লীৰ মানুহৰ ধাৰণা নাথাকিব পাৰে। কিন্তু গুৱাহাটীত লোকসকলেতো এই বিষয়ে জানে। ঘটনাটোৱ আমাক বহু দুখ দিছে।’ এইদৰে কয় আক্ৰান্ত নাৰ্ছ দেৱীয়ে।
‘উত্তৰ পূৱৰ বহু নাৰ্ছ ইয়াত কৰ্মৰত হৈ আছে আৰু তেওঁলোকৰ বহুতে এই ধৰণৰ অপমান সহ্য কৰিব লগা হয়।’ আক্ৰান্ত নাৰ্ছ দেৱীয়ে আৰু কয়।
ক’ৰ’না ভাইৰাছৰ আতংকৰ বাবে উত্তৰ পূৱৰ লোকসকল অন্য ৰাজ্যত শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতনৰ বলি হৈ অহাত যোৱা মাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্যসমূহৰ চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষসমূহক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল।
অসম চৰকাৰৰ গৃহ বিভাগ তথা মহানগৰ আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব।