• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত অতিৰিক্ত সা-সুবিধা প্ৰদান কৰা হ’ব ইলেক্ট্ৰনিকছ নিৰ্মাতাসকলকঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2025 5:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে জাগীৰোডত টাটাৰ অৰ্ধপৰিবাহী সমাবেশ আৰু পৰীক্ষণ (OSAT) প্লাণ্টৰ আশে-পাশে গঢ়ি উঠা ‘ইলেক্ট্ৰনিক চহৰ’ত ইলেক্ট্ৰনিকছ নিৰ্মাতাসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা সা-সুবিধাৰ উপৰিও অতিৰিক্ত সা-সুবিধা প্ৰদান কৰা হ’ব। ২৬ মে’, ২০২৫ তাৰিখে দিল্লীত অনুষ্ঠিত ‘ইলেক্ট্ৰনিকছ ৰাউণ্ড টেবুল ২০২৫’ত উদ্যোগৰ প্ৰতিনিধি আৰু সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বাৰ্তাত শৰ্মাই কয় যে, উপাদান নিৰ্মাতাসহ ইলেক্ট্ৰনিকছ উৎপাদকসকলে অসমত উদ্যোগ স্থাপন  কৰিলে কেন্দ্ৰৰ আঁচনিৰ অধীনত পোৱা সুবিধাৰ ওপৰত ৬০% অতিৰিক্ত সুবিধা লাভ কৰিব। তেওঁ মুম্বাই, চেন্নাই আৰু বেংগালুৰুতো একে ধৰণৰ ৰাউণ্ড টেবুলৰ পৰিকল্পনা কৰিছে।

উল্লেখ্য যে জাগীৰোডৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পূৰ্বৰ ঔদ্যোগিক বেল্টটোক অসম চৰকাৰে ‘ইলেক্ট্ৰনিক চহৰ’ হিচাপে পুনৰ নিৰ্মাণ কৰিছে। এই চহৰত অৰ্ধপৰিবাহীৰ পেকেজিং আৰু পৰীক্ষণৰ সুবিধাৰ উপৰিও বিদেশী প্ৰতিষ্ঠানৰ বাবে যোগান শৃংখল আৰু সেৱাৰ সুবিধা থাকিব।

হিমন্ত বিশ্ব শৰ্মাই জনায় যে, এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা ঋণৰ জৰিয়তে এই চহৰৰ সকলো প্ৰয়োজনীয়তা পূৰণৰ পৰিকল্পনা চলিছে। ৪৫ কিলোমিটাৰ দূৰত্বত বিমানবন্দৰ আৰু ৰে’লৱে ষ্টেচনৰ সুবিধাৰ উপৰিও গুৱাহাটীৰ চাৰিওফালে এটা ৰিং ৰোডৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰে অনুমোদন কৰিছে, যিয়ে এই ক্লাষ্টাৰৰ সংযোগ উন্নত কৰিব। তদুপৰি, ৰাজ্যৰ প্ৰতিভাশালী যুৱক-যুৱতীক কামৰ সুযোগৰ বাবে অসমলৈ ঘূৰি আহিবলৈ উৎসাহিত কৰিবৰ বাবে গুৱাহাটীৰ আই আই টি, অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নেটৱৰ্ক আৰু নেশ্যনেল ইনষ্টিটিউট অৱ ইলেক্ট্ৰনিকছ এণ্ড ইনফৰ্মেশ্যন টেকন’লজি (এনআইইএলআইটি)ৰ দৰে শিক্ষানুষ্ঠানক সুবিধা কৰা হ’ব।

শৰ্মাই কয় যে, অসমৰ ইলেক্ট্ৰনিকছ নিৰ্মাণ নীতিৰ অধীনত ২৫,০০০ কোটিৰ পুঁজিৰ ব্যৱস্থা আছে, আৰু প্ৰথম পদক্ষেপ গ্ৰহণকাৰী প্ৰতিষ্ঠানসমূহে দ্ৰুত অনুমোদনৰ সুবিধা লাভ কৰিব। তেওঁ লগতে কয়,  উদ্যোগৰ প্ৰয়োজন অনুসৰি নমনীয়ভাৱে প্ৰয়োজনীয় সমাধান আগবঢ়োৱা হ’ব। ইয়াত চিকিৎসা মহাবিদ্যালয়ৰ দৰে সামাজিক আন্তঃগাঁথনিৰ সুবিধাৰ লগতে টাটাৰ প্লাণ্টক সেউজ শক্তি প্ৰদান কৰা হ’ব। শৰ্মাৰ মতে, অসম চৰকাৰে উদ্যোগৰ সৈতে হাতে-হাত ধৰি কাম কৰি তেওঁলোকৰ যাত্ৰা সহজ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, যাৰ ফলত ৰাজ্যখন ইলেক্ট্ৰনিকছ উৎপাদনৰ ক্ষেত্ৰত এক নতুন কেন্দ্ৰ হিচাপে গঢ়ি উঠিব বুলি আশা কৰা হৈছে।

Spoke to industry leaders of the Electronics sector on Assam's customised and industry friendly policies and how we are walking the extra mile to aid industrial development in the State.

Investors interest in Assam is at an all time high.

📌Electronics Roundtable, New Delhi pic.twitter.com/euKVKTLn3Z

— Himanta Biswa Sarma (@himantabiswa) May 26, 2025
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd