NORTHEAST NOW (Assamese)

পূজাৰ মাজতে কাছাৰত নাবালিকাক যৌন নিৰ্যাতন! অভিযুক্ত ৰাজা দাসক আটক

October 12, 2024 2:47 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

সমগ্ৰ ৰাজ্যত দুৰ্গা পূজা উদযাপনৰ মাজতে শনিবাৰে পুৱা কাছাৰত এগৰাকী নাবালিকক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

১৪ বছৰীয়া নাবালিকাগৰাকীক ৰাজা দাস নামৰ এজন ব্যক্তিয়ে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

অভিযুক্ত দাস কাছাৰৰ উদাৰবন্দৰ মধুৰা অঞ্চলৰ বাসিন্দা।

অভিযুক্তই প্ৰথমে পলায়ন কৰে যদিও পাছত স্থানীয় ৰাইজে ধৰি আৰক্ষীক গতাই দিয়ে।

চাহ বাগিচাৰ বনাঞ্চলত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ৰাজা দাসৰ জিম্মাত লৈ বিষয়টোৰ অধিক তদন্ত অব্যাহত ৰাখিছে।

স্থানীয় লোকে জনোৱা মতে, অভিযুক্তই নাবালিকাগৰাকীক বলপূৰ্বকভাৱে বনাঞ্চললৈ লৈ গৈ নিৰ্যাতন চলাইছিল।

ঘটনা সন্দৰ্ভত আন শিশুসকলে ৰাইজক সতৰ্ক কৰি দিয়ে।

অৱশ্যে স্থানলৈ যোৱাৰ লগে লগে অভিযুক্তই পলায়ন কৰে আৰু ঘণ্টাৰ পাছত ঘণ্টা তালাচীৰ অন্তত দাসক আটক কৰা হয়।

Related News