পাছ কৰিলেই আইন নহয়, আমি বিধেয়ক ওফৰাম

হীৰেন গোহাঁইৰ মন্তব্য, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ ভৱনমুখী প্ৰতিবাদত

কেন্দ্ৰই লোক সভাৰ চলিত শীতকালীন অধিৱেশনত নাগৰিকত্ব বিধেয়ক গৃহীত কৰিবলৈ সাজু হোৱাৰ মাজতে অসমৰ প্ৰতিবাদে অধিক তীব্ৰতাৰ লগতে এক নতুন পাক লোৱাৰ ইংগিত পৰিস্ফূত হৈছে।

বিধেয়কখন সংখ্যাৰ জোৰত বিজেপি নেতৃত্বাধীন চৰকাৰে পাছ কৰিব বুলি আশংকা কৰিয়ে হয়তো অসমৰ প্ৰতিবাদীসকল এক আইনী যুঁজৰ বাবেও সাজু হৈছে।

“সিহঁতৰ মেজৰিটি আছে, হাত দাঙি কেবখন পাছ কৰিব। আইন এখন পাছ কৰিলেই সি আইন হ’ব নোৱাৰে,” হীৰেন গোহাঁয়ে কোৱা শুনা গ’ল শুকুৰবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ ভৱনমুখী প্ৰতিবাদী যাত্ৰাত।

সংসদে পাৰণ কৰা আইনৰ সাংবিধানিক বৈধতা পৰীক্ষাৰ বাবে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ত আবেদন কৰাৰ ব্যৱস্থা আছে।

বিধেয়কখন শাসক বিজেপিৰ “ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি”। বৰ্তমান দুয়ো সদনতে তেওঁলোক সৰ্বাধিক সদস্য থকা দল। উত্তৰ-পূবক বাদ দি দেশৰ বাকী ৰাজ্যসমূহৰ পৰা বিধেয়কক লৈ কেন্দ্ৰৰ ওপৰত চাপ শূন্য।

দ্বিতীয়তে, কংগ্ৰেছ, চি পি আই (এম)কে ধৰি অসমত উপস্থিতি থকা সৰ্বভাৰতীয় যিবোৰ দলে বিধেয়কখনৰ বিৰোধিতা কৰাৰ কথা কৈছে, তেওঁলোকে বিধেয়কখনৰ বিৰোধিতাৰে নিজে ক্ষমতাত থকা ৰাজ্যতো কোনো আন্দোলন থিয় কৰোৱা দেখা যোৱা নাই।

দলসমূহে তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা নথকা সদনত বিধেয়কৰ বিৰুদ্ধে থিয় দিয়াৰ অংগীকাৰ কৰিছে, কিন্তু বিধেয়কবিৰোধী জনমত গঠনৰ উদ্যোগ এৰাই চলিছে।

জে ডি (ইউ)এ বিধেয়কখনক লৈ এন ডি এ’ৰ অংশীদাৰীসকলৰ মাজত কেৱল আলোচনাৰ আহ্বান জনাইছে। অসমৰ বিজেপি মিত্ৰ অগপই দলৰ মজিয়াত আলোচনা কৰাৰ কথা চিন্তা কৰি আছে।

কাৰ্য্যতঃ “গোটেই ভাৰতত প্ৰযোজ্য হ’ব লগা” বিধেয়কখনৰ বিৰুদ্ধে ৰাজপথত নামিছে কেৱল উত্তৰ-পূবৰ খিলঞ্জীয়ানিৰ্ভৰ সংগঠনসমূহ।

কিন্তু, প্ৰতিবাদীসকল বিধেয়কখন মানি নোলোৱাৰ প্ৰশ্নত দৃঢ় হৈ আছে। কৃষক মুক্তিৰ শুকুৰবাৰৰ প্ৰতিবাদটোৰ প্লাকাৰ্দসমূহৰ প্ৰধান শ্ল’গান আছিল: Assam opposes CAB,  CAB Unconstitutional, Communal আদি (।)

বৰ্ষীয়ান বুদ্ধিজীৱী গোহাঁয়ে কৈছে বিধেয়কে অসমৰ সাতামপুৰুষীয়া ধৰ্মীয় ঐক্য বিনষ্ট কৰিব আৰু দেহত শেষ বিন্দু তেজ থকালৈকে যুঁজাৰ অংগীকাৰ কৰিছে।

“যিহেতু অসমীয়া মানুহৰ এটা সত্তা আছে। হিন্দু-মুছলমান নাবাচি সকলো মিলাপ্ৰীতিৰে বাস কৰি আছে। সিহঁতে এতিয়া আমাৰ ওপৰত কেব জাপি দিছে, যাতে আমাৰ মাজৰ ঐক্য ধ্বংস হয়,” গোহাঁয়ে কয়।

বিজেপিৰ তেওঁ বিৰোধিতা কৰি যোৱাৰ কথা কৈছে আৰু অগপৰ নাম নোলোৱাকৈ কঠোৰ সমালোচনা কৰিছে।

“ভাৰতৰ যিটো সাম্প্ৰদায়িক, অত্যাচাৰী গুৰু-গোঁসাই নমনা তথা ৰাইজৰ কথা নমনা চৰকাৰ আছে, আমি তাৰ বিৰোধিতা কৰি যাম। কিছুমান মানুহে কন্দা-কটা কৰি আকৌ চৰকাৰত যোগ দিছে, কেব আনিবই বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ পাছতো চৰকাৰৰ লগত বহি ৰাজপাট খাই আছে। এনেকুৱা বিশ্বাসঘাটক ধুৰন্ধৰ মানুহক আমি কেতিয়াও নেতা বুলি নাভাবো,” গোহাঁয়ে কয়।

অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান হৰেকৃষ্ণ ডেকাই যিকোনো উপায়েৰে বিধেয়কখন বিৰোধিতাৰ কথা কৈছে।

“কেবখন কেৱল অসমৰ বাবে নহয় সমগ্ৰ উত্তৰ-পূবৰ বাবে ভয়াৱহ আইন। এই আইনখন কেতিয়াও মানি ল’ব নোৱাৰি,” ডেকাৰ মত।

আনহাতে, অসমৰ এন আৰ চিখন বাতিল কৰাক লৈ শেহতীয়াকৈ চৰকাৰ পক্ষৰ পৰা অহা বিবৃতিবোৰৰ বিপৰীতে ডেকাই কয় এন আৰ চিখনক আমি পেলনীয়া কাগজ বুলি ক’ব নোৱাৰো।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে বিধেয়কখনক “অসাংবিধানিক” আৰু “সাম্প্ৰদায়িক” আখ্যা দি কয় যে অসমে ইয়াক গ্ৰহণ নকৰে আৰু যিকোনো মূল্যৰ বিনিময়ত প্ৰতিহত কৰিবই লাগিব।

প্ৰতিবাদকাৰীসকলে ৰাজ্যপালৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতি-প্ৰধান মন্ত্ৰীলৈ নাগৰিকত্ব বিধেয়কখন কেতিয়াও মানি লোৱা নহ’ব বুলি এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

প্ৰতিবাদটোত জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, মনজিৎ মহন্ত, মাইনী মহন্ত, এএছডিচিৰ নেতা হলিৰাম তেৰাং, জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা আদিও উপস্থিত আছিল।