বাস্তৱ জীৱনত কবিৰ সিঙৰ প্ৰভাৱৰ সন্দেহত সষ্টম অসম আৰক্ষী; এটা টুইটে খলকনি সৃষ্টি কৰিছে ছ’চিয়েল মিডিয়াত

Kabir Sing Moviee

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

সমগ্ৰ দেশৰ লগতে অসমৰ ছবিগৃহসমূহত মুক্তি লাভ কৰা চাহিদ কাপুৰ অভিনীত জনপ্ৰিয় চলচ্চিত্ৰ ‘কবিৰ সিঙে’ ব্যৱসায়ীক উপাৰ্জনেৰে বক্স অফিচত খলকনি লগোৱাৰ সময়তে চলচ্চিত্ৰখনকলৈ অসম আৰক্ষীয়ে কৰা এটা টুইট বৰ্তমান ছ’চিয়েল মিডিয়াযোগে সমগ্ৰ ৰাজ্যত ভাইৰেল হৈ পৰিছে।

অসম আৰক্ষীৰ টুইটাৰ হেণ্ডেলত ‘কবিৰ সিং’ চলচ্চিত্ৰখনৰ বেনাৰ ব্যৱহাৰ কৰি আৰক্ষীয়ে অসমৰ যুৱচামক অনুৰোধ কৰি কৈছে ‘বেয়া অভ্যাসৰ দ্বাৰা আক্ৰান্ত হৈ শান্ত হৈ থকাৰ অভিনয় বন্ধ কৰক কাৰণ কৰিব সিং এটা কাল্পনিক চৰিত্ৰ আপোনাৰ জীৱন নহয়’।

উল্লেখযোগ্য যে, কবিৰ সিং চলচ্চিত্ৰখনত জনপ্ৰিয় অভিনেতা চাহিদ কাপুৰে এজন নিচাসক্ত যুৱকৰ চৰিত্ৰত অভিনয় কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। চাহিদ কাপুৰৰ কবিৰ সিং চলচ্চিত্ৰখনৰ চৰিত্ৰটোক যাতে অসমৰ যুৱচামে প্ৰকৃত জীৱনত আদৰ্শ হিচাপে অনুকৰণ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীয়ে এনেধৰণে টুইট কৰিছে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও অসম আৰক্ষীৰ ড্ৰাগছ উদ্ধাৰ সম্পৰ্কীয় এটা টুইট সমগ্ৰ ৰাজ্যৰ লগতে দেশজুৰি ভাইৰেল হৈ পৰিছিল।

আনহাতে, তিনিমাহৰ মেৰামতিৰ অন্তত নতুনকৈ মুকলি কৰি দিয়া শৰাইঘাট দলংখন জনসাধাৰণে তামোল-গুটখাৰ পিক পেলাই লেতেৰা কৰাৰ সন্দৰ্ভত অসম আৰক্ষীয়ে কৰা এটা টুইটে কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত সমাদৰ লাভ কৰিছিল।