NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ সংক্ৰমণৰ বাবে ৰাজ্যৰ ৰঙালী বিহু উদযাপন সমিতিলৈ অসম আৰক্ষীৰ ৪ টা বিশেষ আহ্বান

April 10, 2020 11:07 pm · কল্পজ্য়োতি শইকীয়া
Updated: April 11, 2020 12:17 pm
অসম আৰক্ষীৰ লগো, উৎস-ইণ্টাৰনেট

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে এইবাৰ সমগ্ৰ ৰাজ্যৰ ৰঙালী বিহু উদযাপন সমিটি সমূহলৈ বিশেষ আহ্বান জনাইছে অসম আৰক্ষীয়ে।

অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে শুকুৰবাৰে টুইট কৰি ৰঙালী বিহু উদযাপন সমিটি সমূহলৈ এই আহ্বান জনায়।

অসম আৰক্ষীৰ আহ্বান অনুসৰি-

১.ৰঙালী বিহু উদযাপন স্থলীত পাঁচগৰাকীতকৈ অধিক লোক সমাবেত হ’ব নোৱাৰিব।

২. মাত্ৰ ৰঙালী বিহুৰ পতাকা উত্তোলনৰ বাবেহে এই পাঁচগৰাকী লোক সমাবেত হ’ব পাৰিব।

৩.  কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠান ৩০ মিনিটতকৈ অধিক হ’ব নোৱাৰিব।

৪. বিভাগীয় নিৰ্দেশনা অনুসৰি সামাজিক দূৰত্ব মানি চলিব লাগিব।

উল্লেখযোগ্য যে, দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে গুৱাহাটী মহানগৰীৰ বিভিন্ন ৰঙালী বিহু উদযাপন সমিতি সমূহে এইবাৰ ৰঙালী বিহুৰ কাৰ্য্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অসমত বৰ্তমানলৈ ২৯ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে এগৰাকী লোকৰ এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

Related News