গ্ৰেপ্তাৰ হ’ল JEE পৰীক্ষা কেলেংকাৰীৰ মূল অভিযুক্ত জ্যেষ্ঠ চিকিৎসকসহ পাঁচ অভিযুক্ত

ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰা পুত্ৰৰ সলনি পৰীক্ষাত বহাইছিল অন্য লোকক

index.jpgk

JEE পৰীক্ষাৰ কেলেংকাৰিৰে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন জ্যেষ্ঠ চিকিৎসক ডাঃ জ্যোতিৰ্ময় দাসক।

মিত্ৰদেৱ মহন্ত নামৰ লোকজনে যোৱা ২৩ অক্টোবৰত দাখিল কৰা এজাহাৰৰ ভিত্তিত আজাৰা আৰক্ষীয়ে ৬২৪/২০২০ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৪১৯/৪০৬ ধাৰাত এক গোচৰ ৰুজু কৰে।

সেই গোচৰৰ ভিত্তিতে মুঠ ৫জন লোকক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

ইয়াৰ ভিতৰত আছে ডাউন টাউন হস্পিতালৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ জ্যোতিৰ্ময় দাস, তেওঁৰ পুত্ৰ নীল নক্ষত্ৰ দাস, হেমন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা আৰু তিৰুকমল পাঠক।

ডাঃ জ্যোতিৰ্ময় দাসে পুত্ৰৰ সলনি JEE প্ৰেৱশৰ মেইন পৰীক্ষাত ধনৰ বিনিময়ত আন লোকক পৰীক্ষাত বহিবলৈ দিছিল।

জানিব পৰা মতে এই পৰীক্ষাত ৯৯.৮ শতাংশ নম্বৰেৰে ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰিছিল নীল নক্ষত্ৰ দাসে।

নীলৰ এজন বন্ধুৰ আগত টেলিফোনযোগে সেই কথা স্বীকাৰ কৰিছিল আৰু ভাইৰেল হৈ পৰিছিল সেই টেলিফোনিক বাৰ্তালাপ।

উল্লেখযোগ্য যে, ৫ ছেপ্টেম্বৰ, ২০২০ত অনুষ্ঠিত হৈছিল JEEৰ কাউন্সিলিঙৰ পৰীক্ষা।