NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত আৰক্ষীৰ দ্বাৰা সাংবাদিকক প্ৰহাৰ ; তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ গৰিহণা

December 16, 2019 6:28 pm · মানস প্রতীম গগৈ
Updated: December 16, 2019 7:12 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

নাগৰিকত্ব (সংশোধিত) আইনৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক অসম আৰক্ষীয়ে প্ৰহাৰ কৰা কাৰ্যক তিনিচুকীয়া জিলা সাংবাদিক সন্থাই কঠোৰ ভাষাৰে গৰিহণা দিয়ে।

কালি অৰ্থাৎ ১৫ ডিচেম্বৰৰ সন্ধিয়া কাকপথাৰৰ সাংবাদিক পল্লৱ বৰমৰাণক কৰ্তব্য পালন কৰি ঘৰলৈ আহি থকা অৱস্থাত আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰে।

জিলা সম্পাদক ৰাণাজ্যোতি নেওগে এক প্ৰেছ বাৰ্তাৰ জৰিয়তে অসম আৰক্ষী তথা চৰকাৰৰ এই কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দি বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক প্ৰহাৰ কৰা কাৰ্যৰ জৰিয়তে চৰকাৰে নিজৰ ‘ফেচিষ্ট’ চৰিত্ৰ প্ৰমাণ কৰিছে বুলি কয়।

অন্যহাতে কালি সন্ধিয়া কাকপথাৰ অঞ্চলত আৰক্ষী-সেনাই নিৰপৰাধী লোককো মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

Related News