অসম আৰক্ষী কনিষ্টবল নিযুক্তি পৰীক্ষাৰ অনলাইন আবেদনৰ সময়সীমা বৃদ্ধি

অসম আৰক্ষীত কনিষ্টবল নিযুক্তিৰ উমৈহতীয়া লিখিত পৰীক্ষাৰ বাবে অনলাইন আবেদনৰ সময়সীমা বৃদ্ধি কৰিছে SLPRB এ। নতুন সময়সীমা অনুসৰি প্ৰাৰ্থীসকলে ৩ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫ বজালৈকে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। পূৰ্বৰ সময়সীমা অনুসৰি ৩০ জানুৱাৰীলৈকে পঞ্জীয়নৰ সুবিধা উপলব্ধ আছিল।

উল্লেখ্য যে SLPRB এ যোৱা মাহত পিএছটি/পিইটি ফলাফল প্ৰকাশ কৰিছিল। শাৰীৰিক মানক পৰীক্ষা আৰু শাৰীৰিক দক্ষতা পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থী সকলে অফিচিয়েল ৱেবচাইট slprbassam.in ত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব।

এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে নিৰস্ত্ৰ শাখাত (UB) মুঠ ২,৩৯১ টা কনিষ্টবলৰ পদ আৰু অসম আৰক্ষীৰ সশস্ত্ৰ শাখাত (AB) ৪,২৭১ টা কনিষ্টবল পদ, APRO ত কনিষ্টবলৰ ৮১৩ টা পদ আৰু F&ES ত কনিষ্টবলৰ ৭৮৮ টা পদ, DGCD আৰু CGHG অধীনত কনিষ্টবল-গাৰ্ডছমেনৰ ৭৫৪ টা পদ পূৰণ কৰা হ’ব।