• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰক্ষীৰ চিপাহীক কৰা শোষণৰ পোষ্ট ভাইৰেল; ছ’চিয়েল মিডিয়াত তোলপাৰ

বিভাগীয় শাস্তিৰ সন্মুখীন হোৱাৰ শংকা! অসমেও পাব নেকি আন কেইজনমান "তেজ বাহাদুৰ যাদৱ"?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 17, 2019 2:11 pm
Police Camp at Silchar

শিলচৰৰ এটা আৰক্ষী শিবিৰৰ দৃশ্য।

1.8k
VIEWS
Share on FacebookShare on Twitter

সুস্থ গণতন্ত্ৰৰ বাবে নিকা নিৰ্বাচন অনুষ্ঠিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা অসম আৰক্ষীৰ চিপাহীসকলৰ প্ৰতি চৰকাৰৰ দায়িত্বহীনতা আৰু অসন্মানৰ মনোভাব উদঙাই দিয়া কেইটামান ফেইচবুক পোষ্টে ছ’চিয়েল মিডিয়াত একপ্ৰকাৰৰ তোলপাৰ লগাইছে।

এই পোষ্টকেইটাত আৰক্ষী চিপাহীসকলৰ নিম্নতম মানৱীয় অধিকাৰৰ প্ৰতি কেনেকৈ অবিচাৰ কৰা হৈছে সেয়া লাজ লগাকৈ উদং খাইছে।

পোষ্টকেইটাৰ সৈতে দিয়া ফটোবোৰত দেখা গৈছে নিৰ্বাচনৰ দায়িত্বত বিভিন্ন ঠাইলৈ অস্থায়ীভাৱে পঠিওৱা আৰক্ষী জোৱানসকলক তেওঁলোকৰ বাবে প্ৰয়োজনীয় নিম্নতম সা-সুবিধা নথকা আৰু কদৰ্য্যময় পৰিৱেশত থাকিবলৈ দিয়া হৈছে। বোকা-পানীৰ মাজতে তেওঁলোকে খোৱা-শোৱা সকলো কৰিব লগীয়া হৈছে।

হোজাইত নিৰ্বাচনৰ নিৰাপত্তাৰ দায়িত্বৰ বাবে যোৱা এজন কনিষ্টবলে তেওঁৰ ফেইচবুক পোষ্টটোত লিখিছে, “হোজাইত ইলেকশ্যনৰ ডিউটিৰ বাবে আহিছো… কিন্তু এনেদৰে থাকিব পাৰি জানো… চৌদিশে বোকাপানী… কি জঘন্য পৰিৱেশ… আমিও একো একোজন মানুহ…” ইত্যাদি। পোষ্টটোৰ সৈতে তেওঁ থকা ঠাইৰ চূডান্ত অস্বাস্থ্যকৰ পৰিৱেশৰ একাধিক ফটোও দিয়ে।

একেদৰে শিলচৰৰ পৰা এজন জোৱানে কেইবাখন ফোটগ্ৰাফৰ সৈতে দিয়া পোষ্টটোত লিখিছে, “নিৰ্বাচনত নিয়োজিত আৰক্ষী সকল মানুহ নহয় নেকি। বৰ্তমান সময়ত শিলচৰত জোৱান সকলৰ অৱস্থা চাওক। শিলচৰ প্ৰশাসনে সুপৰিকল্পিত ব্যৱস্থা নকৰা কাৰণে এনে দুৰ্ভোগ ভুগিব লগা হৈছে নে নিৰ্বাচন আয়োগৰ কাৰণে। এজাক বৰষুণত কাপোৰ কানিকে ধৰি থাকিব দিয়া ঠাই অৱস্থা চাওক।”

পোষ্টটোৰ লগত দিয়া ফটোগ্ৰাফকেইখনৰ পৰাও আৰক্ষীৰ জোৱানসকলৰ দুৰ্দশা প্ৰকট হৈ উঠিছে।

নিৰ্বাচনৰ উপৰি, মন্ত্ৰী, বিধায়কসকলৰো জীৱনৰ নিৰাপত্তাৰ দায়িত্ব কান্ধ পাতি লোৱা আৰক্ষী জোৱানসকলৰ নিম্নতম মানৱীয় মৰ্য্যাদা, অধিকাৰৰ প্ৰতি চৰকাৰৰ এনে অৱহেলা আৰু অসন্মান উন্মোচিত হৈ পৰাৰ পিছত চৌদিশে সমালোচনা কৰা দেখা গৈছে।

Police Camp at Hojai
হোজাইৰ পৰা এজন আৰক্ষী চিপাহীয়ে দিয়া এটা পোষ্টৰ স্ক্ৰীনশ্বট।

পোষ্টকেইটাই তাত্ক্ষণিকভাৱে মানুহৰ ক্ষোভৰ উদগিৰণ কৰাৰ লগতে কেইবা ঠাইৰো বহুতো আৰক্ষী জোৱানে সঁহাৰি দি কয়, তেওঁলোকো একেই অৱহেলা আৰু দুৰ্দশাৰ বলি। তেওঁলোকো একেই পৰিস্থিতিত থাকিব লগীয়া হৈছে। “খালী শিলচৰ নহয়, অল আছাম, য’ত থাকিব দিয়ে, চব ঠাই এনেকুৱা হয়’”, ভুক্তভোগী এজন জোৱানে পোষ্টটোৰ প্ৰতি সঁহাৰি দি কয়।

অত্যন্ত দুখেৰে এজনে comment -অত লিখিছে, “কি কৰিবি বন্ধু আমি যে কনিষ্টবল!”

‘‘সিহঁতে এ চি ৰূমত থাকিব পায় যে, চিপাহী মৰি যাওক সিহঁতক ডিউটি লাগে মাত্ৰ”, আন এজনৰ ক্ষোভভৰা কমেণ্ট।

‘‘দুখ লগা ছবি”, দীপ মৌচম নামৰ এজন।

‘‘অসম আৰক্ষীৰ আধুনিকীকৰণ জীয়া বাস্তৱ ছবি। নিজৰ মানুহৰ সমস্যা সমাধান কৰিব নোৱৰা বিয়াগোম বিভাগটো পৰা জনসাধাৰণ কি কৰিব সেইটো নক’লেও হ’ব। নিৰ্বাচনৰ নামত কৰ্ত্তব্য বাৰে নিয়োজিত কৰি গৰু গোহালি দৰে ঠাইত খাবলৈ শুবলৈ দিয়া সমস্যা বোৰ আমাৰ নিৰ্লজ্জ বিভাগটোবে কাহিনীও সমাধান কৰিব নোৱাৰে’’, জগত বুঢ়াগোহাঁই নামৰ এজনে কয়।

‘‘ইছিকো অচ্ছে দিন বোলতে হ্যেঁ’’, বিজেপিৰ অচ্ছে দিনক কটাক্ষ কৰি এজনে কয়।

নীল প্ৰীতম দত্ত নামৰ এজনে কয়, ‘‘লাখ লাখ টকা খৰচ কৰি নিৰ্বাচন পাতিব টকা ওলায়। হেলিকপ্টাৰত উঠি কোটি টকাৰ খৰচ কৰি নিৰ্বাচনৰ প্ৰচাৰ চলাব টকা ওলায়। 5 ষ্টাৰ হোটেলত থাকিব পাৰে এই সকল আমাৰ চতুৰ ৰাজনৈতিক নেতাই… কিন্তু …কিন্তু… গণতন্ত্ৰৰ ৰক্ষা কৰাৰ স্বাৰ্থত দিন ৰাতি একাকাৰ কৰা আমাৰ আৰক্ষী জোৱান সকলক সাধাৰণ থকা খোৱাৰ ব্যৱস্থা কৰিব নোৱাৰাতো অকল লজ্জাজনক নহয় ধিক্কাৰ জনক ।। হায় মতলবী চৰকাৰ ।।।

এই বিষয়ে লিখিলে দেশদ্ৰোহী হওঁ আমি ।। ভৱিষ্যতে আৰক্ষী সকলৰ এই বোৰ অসুবিধা নহয় যাতে তাৰ ওপৰত চকু দিব অনুৰোধ জনালোঁ এজন খাটি খোৱা অসমীয়া হিচাবে ।
কাৰণ এই সকল জোৱান আমাৰ ভাই হয়।
জয় আই অসম।।’’

উল্লেখযোগ্য যে শিলচৰত যোৱা ১৫ এপ্ৰিলত ধুমুহাত আৰক্ষীৰ এটা অস্থায়ী শিবিৰ নিমিষতে ভাগি পৰাত কেইবাজনো জোৱানৰ কথমপি প্ৰাণ ৰক্ষা পৰিছিল। তেওঁলোকৰ নথি-পত্ৰ, কাপোৰকানি সকলো আলৈ-আথানি হৈছিল। শিবিৰটো অতি নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাৰ অভিযোগ উঠিছিল।

আনহাতে কিছুদিনৰ পূৰ্বে এজন ট্ৰেফিক আৰক্ষী জোৱানে বতাহ-ধুমুহাতে থিয় হৈ বশিষ্ট চাৰি আলিৰ অতি ব্যস্ত ট্ৰেফিক পইণ্টৰ উন্মুক্ত পেভিলয়নত ডিউটি কৰিছিল, যিটো ঘটনায়ো বিভাগটোৰ দায়িত্বহীনতাক উদঙাই দিছিল।

লগতে পঢ়ক ধুমুহা-বৰষুণতো কৰ্তব্য পালন কৰা জোৱান মিঠুন দাসক সম্বৰ্ধনা আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ

সমগ্ৰ ভাৰতীয় মানুহৰ মানুহৰ মনৰ পৰা বি এছ এফ জোৱান তেজ বাহাদুৰ যাদৱৰ কাহিনী এতিয়াও মাৰ যোৱা নাই, যিজনে ছ’চিয়েল মিডিয়াত এৰি দিয়া এটা ভিডিঅ’ৰ যোগে মোদী চৰকাৰখনৰ ‘ভ্ৰষ্টাচাৰমুক্ত ভাৰত’ শ্ল’গানৰ নগ্ন ৰূপ দেখুৱাই দিছিল। তেওঁ ভিডিঅ’টোত বি এছ এফৰ জোৱানসকলক দিয়া অতি নিম্ন মানৰ খাদ্য দিয়া হয়, আৰু তেওঁলোকৰ বাবে অনুমোদিত খাদ্য বাহিৰত বিক্ৰী কৰা হয় বুলি দাবী কৰিছিল। অভিযোগ মতে, তেজ বাহাদুৰক পিছত চৰকাৰ আৰু বিভাগটোৰ স্বৰূপ উদঙাই দিয়া বাবে বি এছ এফে মানসিক-শাৰীৰিক অত্যাচাৰ কৰিছিল। তেওঁৰ বিৰুদ্ধে গোচৰো জাপি দিয়া হৈছিল।

অসম আৰক্ষীৰ চিপাহীকেইজনৰ বিকাশ আৰু পৰিৱৰ্তনৰ শ্ল’গান দিয়া চৰকাৰৰ স্বৰূপ উদঙাই দিয়া এই দুঃসাহসৰ পৰিণাম কি হয় সেয় এতিয়াও জানিব পৰা হোৱা নাই। তেওঁলোকৰ শিবিৰবোৰৰ পৰিৱেশ উন্নত হয় নে অসমেও আন কেইজনমান তেজ বাহাদুৰ যাদৱ দেখিবলৈ পাব সেয়া সময়ে ক’ব।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd