NORTHEAST NOW (Assamese)

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন অসম পুলিচ দিৱস

October 1, 2021 12:33 pm · নৰ্থ ইষ্ট নাও

আজি সমগ্ৰ ৰাজ্যতে পালন কৰা হৈছে অসম পুলিচ দিৱস। অসমৰ জনসাধাৰণৰ সেৱাৰ বাবে আত্মনিয়োজিত আৰক্ষী সকলৰ নামত উৎসৰ্গিত এই দিন।

প্ৰতি বছৰে ১ অক্টোবৰত ৰাজ্যত অসম পুলিচ দিৱস উদযাপন কৰা হয়।

অসমৰ বিভিন্ন প্ৰান্তত আজি ৭১ সংখ্যক অসম পুলিচ দিৱস উদযাপন কৰা হৈছে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে অসম পুলিচ দিৱসৰ শুভেচ্ছা জনাই লিখিছে, “জনহিতজনসেৱাৰ্থে- ৩ কোটিতকৈও অধিক অসমবাসীৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰা সৰ্ব সাহসী পুৰুষ আৰু মহিলাৰ দিন।

৭১ সংখ্যক অসম পুলিচ দিৱসত মই এই সাহসী সকলক অভিবাদন জনাইছো যিসকলে আমাৰ লোকসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে সেৱা আগবঢ়াবলৈ সদায় সাজু।”

 

ৰাজ্যৰ ৰাজ্যপাল জগদীশ মুখীয়েও টুইটাৰ যোগে অসম পুলিচ দিৱসৰ অভিবাদন জনাইছে। তেওঁ উল্লেখ কৰিছে, “অসম আৰক্ষীৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো আৰক্ষী বিষয়া আৰু কৰ্মচাৰীলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। অসম আৰক্ষী সদায় মানুহৰ বাবে এক বিশ্বাসযোগ্য নাম হৈ আহিছে। আশা কৰোঁ ই সকলোৰে জীৱন আৰু শান্তি নিশ্চিত কৰাৰ বাবে মৌলিক কৰ্তব্য প্ৰদান কৰাত ইয়াৰ পবিত্ৰ ভূমিকা অব্যাহত ৰাখিব।”

ৰাজ্যপাল মুখীয়ে অসম আৰক্ষীৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি আৰক্ষী বাহিনীক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম পুলিচ দিৱসৰ শুভেচ্ছা জনাই টুইট কৰিছে যে, “ শুভকামনা অসম আৰক্ষী পৰিয়াল। ইতিহাসত নিমজ্জিত আৰু সমাজৰ প্ৰতি দৃষ্টান্তমূলক সেৱা প্ৰদৰ্শন কৰা এই মহান গোটটোৰ সাহসী পুৰুষ আৰু মহিলাসকলক মোৰ অভিবাদন।”

আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি জিলা আৰক্ষী প্ৰশাসনে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে।

যোৰহাট, নগাঁও, মৰিগাঁও আৰু বঙাইগাঁৱত আৰক্ষী দিৱস উপলক্ষে ব্লাড ড’নেচন কেম্প আয়োজন কৰে।

Related News