NORTHEAST NOW (Assamese)

আলফা(স্বা)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ লগত জড়িত নহয় অসম আৰক্ষী : হিমন্ত বিশ্ব শৰ্মা

July 13, 2025 6:30 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী
Updated: July 13, 2025 3:32 pm

নিষিদ্ধঘোষিত সংগঠন আলফা(স্বা) শিবিৰত ড্ৰন আক্ৰমণৰ খবৰ পোৱাৰ পিছতে ১৩ জুলাই দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিয়ে যে ৰাজ্য চৰকাৰে এই ঘটনা নিশ্চিত কৰা কোনো আনুষ্ঠানিক যোগাযোগ লাভ কৰা নাই।

সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে আলফা(স্বা) ৰ শীৰ্ষ নেতাৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হোৱা আক্ৰমণত অসম আৰক্ষীৰ কোনো ভূমিকা নাই। অসম আৰক্ষী এই ঘটনাৰ সৈতে জড়িত নহয়। অসমৰ মাটিৰ পৰা কোনো ধৰণৰ আক্ৰমণ হোৱা নাই।

তেওঁ আৰু কয়, “আমাক বিষয়টোৰ ওপৰত অধিক স্পষ্টতাৰ প্ৰয়োজন। যদি এনে অভিযান সংঘটিত হৈছে তেন্তে ভাৰতীয় সেনাই নিজাববীয়াকৈ বিবৃতি প্ৰকাশ কৰিব। এতিয়ালৈকে প্ৰতিৰক্ষা প্ৰতিষ্ঠানৰ পৰা কোনো আনুষ্ঠানিক যোগাযোগ কৰা হোৱা নাই।

Related News