ফেচবুক একাউন্টৰ ওপৰত অসম আৰক্ষীৰ শেনচকু; ফেচবুক পোষ্টৰ বাবেই কাৰাগাৰলৈ ৭০ বছৰীয়া বৃদ্ধ

ফেচবুক ব্যৱহাৰ কৰোতে এতিয়া সাৱধান হওক! বৰ্তমান অসম আৰক্ষীৰ শেনচকু আপোনাৰ ফেচবুক একাউন্টৰ ওপৰত। সামাজিক মাধ্যমত পোষ্ট কৰি অসম অৰক্ষীৰ পৰা সাৰি যোৱা নাই ৭০ বছৰীয়া বৃদ্ধাও।

ফেচবুকত চৰকাৰ বিৰোধী পোষ্ট কৰি বৰ্তমান লক্ষীমপুৰৰ জে’লত কাৰাবন্দী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঢকুৱাখানা মহকুমা সমিতিৰ সভাপতি ৭০ বছৰীয়া হৰেণ গগৈ। হৰেণ গগৈৰ ঘৰ ঢকুৱাখানাৰ আখৈফুটীয়া গাঁৱত।

নিৰাপত্তাৰক্ষীৰ গুলিত নিহত আলফা সদস্য জ্ঞান অসমৰ মৃত্যুৰ পিছতেই ৩ জুলাইত ফেচবুকত চৰকাৰ বিৰোধী পোষ্ট দিছিল হৰেণ গগৈয়ে। ইয়াৰ পিছতেই লক্ষীমপুৰ আৰক্ষীয়ে হৰেণ গগৈক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে। বৰ্তমান লক্ষীমপুৰ জেলত কাৰাবন্দী হৰেণ গগৈ।

ফেচবুক পোষ্টৰ বাবে কাৰাবন্দী হোৱা হৰেণ গগৈৰ ঘৰত ৰাইজৰ দল আৰু কৃষক মুক্তিৰ প্ৰতিনিধি।

হৰেণ গগৈৰ মুক্তিৰ দাবী কৰিছে ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ৰাইজৰ দলৰ উপ সভাপতি তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা বেদান্ত লস্কৰৰ নেতৃত্বত যোৱা এটি সঁজাতি দলে হৰেণ গগৈৰ ঘৰত উপস্থিত হৈ গগৈৰ মুক্তিৰ বাবে সকলো প্ৰকাৰে সহায় কৰাৰ আশ্বাস প্ৰদান কৰে পৰিয়ালক।

হৰেণ গগৈৰ ফেচবুক পোষ্ট।

উল্লেখ্য যে বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনত হৰেণ গগৈয়ে সক্ৰিয় ভুমিকা গ্ৰহণ কৰিছিল যাৰ বাবে তেওঁ দুবাৰকৈ কাৰাবাস খাটিবলগীয়া হৈছিল।

ৰাইজৰ দলৰ উপ সভাপতি তথা কৃষক নেতা বেদান্ত লস্কৰে হৰেণ গগৈৰ মুক্তিৰ দাবী কৰে চৰকাৰৰ ওচৰত। তেওঁ কয়,  ‘’বৰ্তমান সময়ত চৰকাৰৰ ভূল নীতিৰ বিৰুদ্ধে মাত মাতিলেই যিদৰে ভয় ভাবুকিৰ জড়িয়তে বৰ্তমানৰ চৰকাৰে মানুহৰ সংগ্ৰামী ধাৰটোক মষিমূৰ কৰাৰ কৌশল ৰচনা কৰিছে তাক তীব্ৰ ভাষাৰে গৰিহণা দিছো।‘’

বেদান্ত লস্কৰৰ উপৰি হৰেণ গগৈৰ ঘৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি ৰজুৰাজ বৰপাত্ৰ গোঁহাইৰ লগতে ৰাইজৰ দলৰ পল্লব গগৈ, আব্দুল আজিজ, মনোজ চেতিয়া আৰু দিলীপ মেছ উপস্থিত থাকে।