NORTHEAST NOW (Assamese)

দেশদ্ৰোহীতাৰ গোচৰ : পেহেলগাম সন্ত্ৰাসত শ্বাহ আৰু মোদী জড়িত থকাৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

April 24, 2025 7:46 pm · এন ই নাও নিউজ, গুৱাহাটী

পেহেলগাম আৰু পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ জড়িত থকাৰ অভিযোগ উত্থাপন কৰাৰ বাবে অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ বিধায়ক আমিনুল ইছলামক বৃহস্পতিবাৰে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

সূত্ৰই নিশ্চিত কৰিছে যে অসম আৰক্ষীৰ অপৰাধ শাখাই বিধায়কগৰাকীক ধিঙৰ পৰা গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা মতে, ২৩ এপ্ৰিলত এক ৰাজনৈতিক সমাৱেশত আমিনুল ইছলামে দিয়া এক বিতৰ্কিত ভাষণৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ অভিযোগ উত্থাপন কৰিছিল যে ৰাজনৈতিক সুবিধাৰ বাবে বিজেপি নেতৃত্বই সন্ত্ৰাসবাদী কাণ্ডৰ সহায় লৈছে।

উক্ত ভাষণৰ সময়ত ইছলামে দাবী কৰে যে আগন্তুক নিৰ্বাচনৰ পূৰ্বে ভোটাৰৰ ধৰ্মীয় মেৰুকৰণ কৰিবৰ বাবে বিজেপিয়ে পুলৱামা আৰু পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ আয়োজন কৰিছিল।

ইছলামৰ এই মন্তব্যক সাম্প্ৰদায়িক, উচটনিমূলক আৰু দেশ বিৰোধী বুলি অভিহিত কৰিছে শাসকীয় পক্ষই। সমগ্ৰ দেশৰ ৰাজনৈতিক নেতা আৰু নাগৰিক সমাজৰ গোটসমূহে ক্ষিপ্ৰ আইনী ব্যৱস্থাৰ দাবী জনাইছে।

Related News