• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পকেটৰ পৰাই অন্তৰ্ধান ছাৰ্ভিচ পিষ্টল! সন্দেহৰ আৱৰ্তত উপ-পৰিদৰ্শক ৰাম ৰৌতীয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 8, 2018 5:33 pm
Service Pistol

নিজৰ ছাৰ্ভিচ পিষ্টল হেৰুওৱা ৰাম ৰৌতীয়া।

100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ চানমাৰি থানাত কৰ্তব্যৰত এজন আৰক্ষী উপ-পৰিদৰ্শকৰ দায়িত্বহীনতাৰ বাবে এটা গুলীভৰ্তি পিষ্টল কোনো দুষ্ট লোকৰ হাতলৈ যোৱাৰ সন্দেহৰ সৃষ্টি কৰিছে। লগতে এজন আৰক্ষী বিষয়াৰ এনেকুৱা অসংগত আচৰণে বিভাগীয় অসন্তুষ্টিৰ সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে থানাখনৰ এজন উপ-পৰিদৰ্শক ৰাম ৰৌতীয়াই যোৱা ৫ ডিচেম্বৰত পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বত থকা অৱস্থাত নিজৰ ৯ এম এম ছাৰ্ভিচ পিষ্টলটো হেৰুৱায়। উপ-পৰিদৰ্শকজন উক্ত দিনা ক্ষেত্ৰী থানাৰ অন্তৰ্গত ডিমৰীয়া, কাঁহিকুছি, তপাতলী, দুৰুং পাহাৰ প্ৰাথমিক বিদ্যালয়ৰ নিৰাপত্তাৰ দায়িত্বত আছিল।

যদিও উপ-পৰিদৰ্শক ৰৌতীয়াই পিষ্টলটো হেৰায় বুলি স্বীকাৰোক্তি দিছে, নিজৰ বেল্টত ওলোমাই লৈ ফুৰা গুলীভৰ্তি পিষ্টল এটা কেনেকৈ হেৰাবলৈ পালে সেই লৈ প্ৰশ্ন বোধকৰ সৃষ্টি হৈছে।

আনহাতে পিষ্টলটো হেৰায় বুলি পিছদিনা পুৱাহে তেওঁ জানিব পৰাটোৱেও আন এটা প্ৰশ্নবোধক থিয় কৰাইছে।

উপ-পৰিদৰ্শকগৰাকীয়ে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত কৰা ঘটনা বিবৰণী অনুসৰি ভোটগ্ৰহণৰ দিনা সন্ধিয়া প্ৰায় ৭:৩০ মান বজাত পিষ্টলটো হেৰোৱা বুলি তেওঁ অনুমান কৰে।

তেওঁ কয়, “ডিউটিৰ সময়ত মই জেকেট পিন্ধি আছিলো। জেকেট পিন্ধি থকাৰ বাবে মোৰ কঁকালত থকা পিষ্টলটো ঢাক খাই আছিল। ১০:৩০ বজালৈকে ক্ষেত্ৰীতে আছিলো। ক্ষেত্ৰীৰ পৰা ভৰলুৰ সোণাৰাম ফিল্ডত এছক’ৰ্ট দি আনি বেলট বাকছবোৰ জমা দিওঁতে ১২:১০ বাজিছিল। তাৰ পাছত লগৰ আৰক্ষীকেইজনক ঘৰত থৈ মই চানমাৰি থানাৰ মোৰ কোৱাৰ্টাৰ পালোহি। তেতিয়া ২ বাজিছিল। মই কাপোৰ-কানি খুলি ভাত খাই শুই পৰিছিলো। তেতিয়ালৈকে মই পিষ্টলটো হেৰাল বুলি গমেই পোৱা নাছিলো। কেছটোত পিষ্টলটো আছিল বুলি ভাবি আছিলো। পাছদিনা পুৱা ১০ মান বজাত সাৰ পাই উঠিহে গম পালো যে মোৰ পিষ্টলটো পেণ্টৰ সৈতে থকা ইয়াৰ কেছটোত নাই।”

এইখিনিতে প্ৰশ্ন হয়, প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণৰ পিছদিনা অৰ্থ্যাৎ ৬ ডিচেম্বৰৰ দিনা নিজৰ ছাৰ্ভিচ পিষ্টলটো হেৰাল বুলি গম পোৱা আৰক্ষী বিষয়াজনে কিহৰ ভিত্তিত ভোটগ্ৰহণৰ দিনা সন্ধ্যা ৭:৩০ বজাত এইটো হেৰাইছিল বুলি নিশ্চিত হ’ল।

আৰক্ষী বিষয়াগৰাকীৰ অস্পষ্ট স্থিতিৰ পৰা সমগ্ৰ ঘটনাটো এতিয়া সন্দেহৰ আৱৰ্তত আহি পৰিছে।

নৰ্থ-ইষ্ট নাওক আৰক্ষী উপ-পৰিদৰ্শকগৰাকীয়ে জানিবলৈ দিয়ে যে ৬ ডিচেম্বৰৰ দিনা চানমাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰেন ডেকাক পিষ্টল হৰণলুকিৰ কথাটো তেওঁ অৱগত কৰে।

তাৰ পাছতেই ৰাজ্যৰ সকলো থানাতে পিষ্টল হৰণলুকি হোৱাৰ খবৰটো জনাই দিয়া হৈছে বুলি আৰক্ষী উপ-পৰিদৰ্শকগৰাকীয়ে আমাৰ সাংবাদিকক জনায়। লগতে তেওঁৰে নেতৃত্বত আৰক্ষীৰ এটা দলে ক্ষেত্ৰীৰ ঔজাৰি, দুৰুং, জিয়ানপাৰ আদি অঞ্চলসমূহত পিষ্টলটোৰ বিচাৰ-খোঁচাৰ কৰাৰ উপৰি স্থানীয় লোকক পিষ্টলটোৰ খবৰ পালে আৰক্ষীক জনাবলৈ আহ্বান জনায়।

মন কৰিবলগীয়া যে, পিষ্টলটো চুৰি হোৱা বুলি একাংশই কৰা সন্দেহক পোনচাটেই নাকচ কৰিছে উপ-পৰিদৰ্শকগৰাকীয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

August 15, 2025 4:57 pm
২০৩০ চনৰ ভিতৰত জলশূন্য হ’ব কাবুল! সমগ্ৰ আফগানিস্তানত ভয়াৱহ জল সংকট

২০৩০ চনৰ ভিতৰত জলশূন্য হ’ব কাবুল! সমগ্ৰ আফগানিস্তানত ভয়াৱহ জল সংকট

August 15, 2025 4:56 pm
স্বাধীনতা দিৱস উদযাপনৰ সময়ত ভাৰতীয় দূতাবাসত খালিস্তানীৰ ‘আক্ৰমণ’: প্ৰবাসী ভাৰতীয়ৰ তৎপৰতাত বিফল চক্ৰান্ত

স্বাধীনতা দিৱস উদযাপনৰ সময়ত ভাৰতীয় দূতাবাসত খালিস্তানীৰ ‘আক্ৰমণ’: প্ৰবাসী ভাৰতীয়ৰ তৎপৰতাত বিফল চক্ৰান্ত

August 15, 2025 4:34 pm
ক্ষমতাত থাকিবলৈ বিজেপি যিকোনো পৰ্যায়লৈ যাব পাৰে- কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

ক্ষমতাত থাকিবলৈ বিজেপি যিকোনো পৰ্যায়লৈ যাব পাৰে- কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

August 15, 2025 4:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

August 15, 2025 4:57 pm
২০৩০ চনৰ ভিতৰত জলশূন্য হ’ব কাবুল! সমগ্ৰ আফগানিস্তানত ভয়াৱহ জল সংকট

২০৩০ চনৰ ভিতৰত জলশূন্য হ’ব কাবুল! সমগ্ৰ আফগানিস্তানত ভয়াৱহ জল সংকট

August 15, 2025 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd