NORTHEAST NOW (Assamese)

বজাৰত বিক্ৰী কৰিবলৈ সাজু কৰা এফচিআইৰ ১লাখ বস্তা চাউল জব্দ কৰিলে অসম আৰক্ষীয়ে

June 14, 2021 11:28 am · এন ই নাও নিউজ
চাউল ভৰ্তি ট্ৰাক। ফাইল ফটো।

ভাৰতীয় খাদ্য নিগমৰ (এফচিআই) মেঘালয়ৰ বাবে অনা ১লাখ বস্তা চাউল কামৰূপ গ্ৰাম্য জিলাৰ এটা ব্যক্তিগত গুদামৰ পৰা অসম আৰক্ষীয়ে জব্দ কৰিছে। অত্যাৱশ্যকীয় এই সামগ্ৰীখিন বজাৰত বিক্ৰী কৰিবলৈ সাজু কৰা হৈছিল।

বাতৰি অনুসৰি, অসম আৰক্ষী আৰু কামৰূপ (গ্ৰাম্য) জিলা প্ৰশাসনৰ দ্বাৰা চলোৱা এক যৌথ অভিযানত চাউলৰ বস্তাসমূহ জব্দ কৰা হয়।

জানিব পৰা মতে, অলপতে কামৰূপ গ্ৰাম্য জিলাৰ বকো থানাৰ অন্তৰ্গত ছাটাবাৰীৰ ছয়গাঁও ঔদ্যোগিক উন্নয়ন কেন্দ্ৰত থকা এটা ব্যক্তিগত কোম্পানীৰ গুদামৰ পৰা এফচিআইৰ চাউলসমূহ উদ্ধাৰ কৰা হৈছিল।

নদীয়াৰ পাৰ গাঁওৰ বাসিন্দাসকলে এখন চাউল ভৰ্তি ট্ৰাকৰ সন্দেহজনক গতিবিধি প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰাৰ পাছতে এই অবৈধ কাৰ্যৰ কথা পোহৰলৈ আহে।

বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত ৰায় আৰু ছয়গাঁওৰ চক্ৰ বিষয়া জয়ন্ত বৰাৰ নেতৃত্বৰ এটা দলে চাউলৰ বস্তাসমূহ জব্দ কৰে।

ট্ৰাকখনৰ ড্ৰাইভাৰ আৰু হেণ্ডীমেনক জেৰা কৰাৰ পাছত ব্যক্তিগত কোম্পানীটোৰ গুদামত সংঘটিত ব্যাপক অনিয়মৰ কথা পোহৰলৈ আহে।

ব্যক্তিগত গুদামটোত ৫০ কেজিৰ বস্তাৰ ১লাখ বস্তা এফচিআইৰ চাউল জব্দ কৰা হৈছে বুলি এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে।

বিষয়াগৰাকীয়ে জনায় যে ব্যক্তিগত কোম্পানীটোৱে নিজৰ ব্ৰেণ্ডৰ নামত চাউল ৰিপেকেজিং কৰি মেঘালয়লৈ পঠিয়াইছিল।

এই খাদ্য সামগগ্ৰীসমূহ কঢ়িওৱাৰ বাবে ব্যৱহাৰ কৰা মুঠ ১৩খন ট্ৰাকো অভিযানকাৰী দলটোৱে গুদামটো তথা ইয়াৰ কাষৰীয়া অঞ্চলৰ পৰা জব্দ কৰিছে।

বাতৰি অনুসৰি, অসমৰ বিষয়াসকলে জানিবলৈ দিয়ে যে প্ৰাথমিক তদন্তত জানিব পৰা গৈছে যে ব্যক্তিগত কোম্পানীটোৱে ৰিপেকেজিং কৰাৰ পাছত চাউলসমূহ মেঘালয়ৰ আছাম ৰাইফলছলৈকে পঠিয়ায়।

কোম্পানীটোৱে আন ঠাইলৈও চাউল প্ৰেৰণ কৰে আৰু ইয়াত এক বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ কৰা হৈছে।

ৰিকেকেজিঙৰ সৈতে জড়িত কোম্পানীটো মাৰুতি কোৱালিটি প্ৰডাক্টছ প্ৰাইভেট লিমিটেড (MQPPL) বুলি চিনাক্ত কৰা হৈছে। কোম্পানীটোৰ তথা গুদামটোৰ মালিক দীপক আগৰৱালা বৰ্তমান পলাতক বুলি জানিব পৰা গৈছে।

Related News