NORTHEAST NOW (Assamese)

পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰা আৰক্ষী উপ পৰিদৰ্শকৰ মৃতদেহ চমজি লোৱাত অস্বীকাৰ পৰিয়ালৰ

August 31, 2019 5:12 pm · এন ই নাও নিউজ
Updated: August 31, 2019 5:13 pm

ধেমাজিৰ চিচিবৰগাঁও থানাৰ উপ-পৰিদৰ্শক নিপন নাথৰ নশ্বৰদেহ ঘৰলৈ নিয়াৰ পিছতে আজি ৰঙিয়াৰ মধুকুছিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।

নিপন নাথৰ নশ্বৰদেহ বাসগৃহলৈ নিয়াৰ পিছতে অঞ্চলটোৰ স্থানীয় ৰাইজ ওলাই আহি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। নাথৰ মৃতদেহ চমজি লোৱাত অস্বীকাৰ কৰে প্ৰয়াত নিপন নাথৰ পৰিয়ালৰ লোকে।

আৰক্ষী উপ-পৰিদৰ্শক গৰাকীৰ পৰিয়ালৰ লোক তথা স্থানীয় ৰাইজে নিপন নাথক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া বুলি অভিযোগ উত্থাপন কৰে।

লগতে স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে চিচিবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পদ্মেশ্বৰ বৰকটকীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰা দাবী জনায় তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

তাৰোপৰি প্ৰতিবাদী ৰাইজ তথা পৰিয়ালৰ লোকে আৰক্ষীৰ উচ্চপদস্থ বিষয়া প্ৰতিবাদস্থলীত উপস্থিত হৈ পৰিয়ালৰ লোকক ন্যায় প্ৰদান কৰাৰ আশ্বাস নিদিয়ালকৈ মৃতদেহ চমজি নলয় বুলিও হুংকাৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে শুকুৰবাৰে অৰ্থাৎ ৩০ আগষ্টৰ পুৱা ধেমাজিৰ চিচিবৰগাঁও আৰক্ষী থানাৰ উপ-পৰিদৰ্শক নিপন নাথে নিজৰ ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰিছিল।

ইয়াৰ পিছতে নিপনৰ পৰিয়ালৰ লোকে নিপন নাথৰ আত্মহত্যা সম্বন্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।

থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পদ্মেশ্বৰ বৰকটকীৰ মানসিক নিৰ্যাতনত অতিষ্ঠ হৈয়ে নাথে আত্মহত্যাৰ দৰে ভয়ংকৰ পথ বাছি ল’বলগীয়া হয় বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছিল।

Related News