NORTHEAST NOW (Assamese)

মাজুলীত ৰহস্যজনকভাৱে জুইৰ লেলিহান শিখাই আগুৰি ধৰিলে আৰক্ষীৰ বাহন

December 11, 2024 10:28 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

যোৱা নিশা মাজুলীৰ গড়মূৰ থানাত সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড। কোনো অচিনাক্ত ব্যক্তিয়ে দুখনকৈ আৰক্ষীৰ বাহন জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।

এএছ৩০৬১৭৩ আৰু এএছ৩০৭৫২৩ নম্বৰত পঞ্জীয়নকৃত বাহন দুখন থানাৰ সমীপতে ৰখাই থোৱা হৈছিল।

জানিব পৰা মতে, এই অগ্নিকাণ্ডত কোনো লোক হতাহতি হোৱা নাই। অৱশ্যে বাহনসমূহৰ যথেষ্ট ক্ষতিসাধন হয়।

আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, দুৰ্বিত্তই তিনিখন বাহনত অগ্নিকাণ্ড সংযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও দুখ বাহনত  সম্পূৰ্ণৰূপে জুইৰ লেলিহান শিখাই আগুৰি ধৰে।

অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাই তৎকালীনভাৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি জুই নুমুৱাবলৈ সক্ষম হয়।

ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Related News