NORTHEAST NOW (Assamese)

অৱশেষত কোভিডৰে হাৰ মানিলে কণ্ঠশিল্পী ভিতালী দাসে :সন্ধিয়া ৭.০৫ বজাত শেষ নিশ্বাস ত্যাগ

April 21, 2021 7:30 pm · এন ই নাও নিউজ
Updated: April 21, 2021 9:05 pm

মহামাৰী কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসৰ।

বুধবাৰে সন্ধিয়া ৭.০৫ বজাত  কালাপাহাৰৰ  কোভিড  চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকাৰ সময়তে জনপ্ৰিয় শিল্পীগৰাকীয়ে মৃত্যুক সাৱটি লয়।

মৃত্যুৰ সময়ত শিল্পীগৰাকী বয়স হৈছিল ৪১ বছৰ।ইহ সংসাৰত তেওঁ কন্যা আৰু স্বামীক এৰি থৈ গৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে কোভিডত আক্ৰান্ত হোৱাৰ পিছতে কণ্ঠশিল্পীগৰাকীক যোৱা ১৬ এপ্ৰিলত কালাপাহাৰ কোভিড চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্য ক্ৰমশঃ সংকটজনক হোৱাৰ বাবে  আইচিইউত ভৰ্তি কৰোৱা হয়।

আইচিইউৰ ভেন্টিলেশ্যনত অতি সংকটজনকভাৱে চিকিৎসাধীন হৈ থকাৰ সময়তে আজি সন্ধিয়া কণ্ঠশিল্পীগৰাকীৰ মৃত্যু হয়।

যোৱা ১৪ এপ্ৰিলৰ নিশা লতাশিল বিহু সন্মিলনত অনুষ্ঠান পৰিৱেশন কৰাৰ পিছতে কণ্ঠশিল্পীগৰাকী অসুস্থ হৈ পৰা  বুলি জানিব পৰা গৈছে। উক্ত অনুষ্ঠান পৰিৱেশন কৰাৰ পিছতে অসুস্থ হৈ পৰে কণ্ঠশিল্পীগৰাকী।

স্মৰ্তব্য যে ভিতালী দাসৰ জ্যেষ্ঠ ভাতৃ পৰাগ দাস ব্ৰেইন ষ্ট্ৰোক হৈ চিকিৎসাধীন হৈ আছে।

জানমণি, অঞ্জনা, জোনবাই, ৰাংঢালি, মৰমজান আদি বিহুগীতৰ কেছেটত কণ্ঠদান কৰিছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।

কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত তেওঁৰ অনুৰাগীসকল শোকস্তব্ধ হৈ পৰিছে।

Related News