• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনৰ সময়ত কোভিড নাছিল! স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুলুঙা মন্তব্য কিমান যুক্তিসংগত?

কিয় অৱজ্ঞা কৰা হৈছিল ২৩ মাৰ্চত কেন্দ্ৰই দিয়া এছঅ'পি?

দুলাল মিশ্ৰ by দুলাল মিশ্ৰ
April 21, 2021 7:24 pm
Himanta-Biswa-Sarma-2-750x375
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত এতিয়া কোভিডৰ সংহাৰ।

প্ৰতিদিনে শ শ লোক এই মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হৈছে।অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈ গ’ল বিধানসভাৰ নিৰ্বাচন।

Apply Now

বিধানসভাৰ নিৰ্বাচনত সকলো দলৰ নেতা-কৰ্মীয়েই পাৰে মানে ভংগ কৰিলে কোভিড প্ৰ’টোকল।

হাজাৰ হাজাৰ মানুহ লগতলৈ অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন বহু নেতাই মনোনয়নপত্ৰ দাখিল কৰি নিজৰ শক্তিৰ পৰিচয় দিলে।

সেই সময়ত স্বাস্থ্যমন্ত্ৰীগৰাকীৰ কথাটো বাদেই শাসকীয়-বিৰোধী আন কোনো দলৰেই কোনো এগৰাকী নেতাই নিৰ্বাচনী প্ৰচাৰৰ সময়ত এবাৰৰ বাবেও উল্লেখ নকৰিলে কোভিডৰ কথা, সামাজিক ব্যৱধান ৰক্ষা কৰাৰ কথা, মাস্ক পিন্ধাৰ কথা।কেন্দ্ৰীয় চৰকাৰৰ এছঅ’পিৰ কথা ঘূণাক্ষৰেও উল্লেখ কৰা নাছিল কোনো এজন নেতাই। কিয় এনেদৰে সাধাৰণ মানুহক বিপদৰ মাজলৈ ঠেলি দিয়া হৈছিল, সেয়া এতিয়া সময়ৰ প্ৰশ্ন।

নেতাৰ মুখতে মাস্ক নাই, সাধাৰণ জনতাই পিন্ধিব কিয়! আজিৰ দিনটোৰ সৈতে তুলনা কৰিলে অসমত নিৰ্বাচনৰ সময়ত কোভিড নামৰ একোৱেই নাছিল বুলি ভাব হয়।

warrior

যিকি নহওঁক,বহুতৰে মনত খুন্দৱনি তুলি থকা প্ৰশ্নটো অৰ্থাৎ নিৰ্বাচনৰ আগত কোভিড নাছিল নেকি প্ৰশ্নটোৰ উত্তৰ আজি খোদ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে।

হিমন্ত বিশ্বৰ স্পষ্ট মত—নিৰ্বাচনৰ সময়ত কোভিড নাছিল।ইয়াত তেওঁৰ লুকুৱাবলগীয়া একো নাই। অসমত কোভিড বাঢ়িছে ৯ এপ্ৰিলৰ পৰাহে। ৯ তাৰিখৰ আগত কোভিডত কাৰোৱাৰ মৃত্যু হৈছিল নেকি বুলিও তেওঁ প্ৰশ্ন কৰে।

হিমন্ত বিশ্ব শৰ্মাৰ  প্ৰশ্ন— কোভিডত মৃত্যু ঘটা লোকৰ পৰিয়ালে শ্মশানলৈ যাওঁতে আনক নক’লেহেতেঁন নেকি যে লোক জনৰ কোভিডত মৃত্যু হৈছে?কোভিড সেই সময়ত থকা হেতেঁন চৰকাৰে আইচিএমআৰক ফাকি দিব পাৰিলেহেঁতেন নেকি বুলিও প্ৰশ্ন কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।তেওঁ লগতে প্ৰশ্ন কৰে—অসমৰ মেডিকেল কলেজ, নাৰ্ছিং হোমেও কোভিড থাকিলে নক’লেহেতেন নেকি?

তেওঁ লগতে আত্মপক্ষ সমৰ্থন কৰি কয় যে অসমত কংগ্ৰেছ, ইউডিএফৰ সমৰ্থক চিকিৎসকো আছে, তেওঁলোকেও কিয় নক’লে যে নিৰ্বাচনৰ সময়ত কোভিড আছিল?

এই সকলোবোৰ কথা ঠিকেই  আছিল যদিও এটা কথা ঠিক যে নিৰ্বাচনৰ সময়ত অসমত কোভিড নাথাকিলেও কোভিডৰ ক্ষেত্ৰত সকলো প্ৰ’টোকল মানি চলিবলৈ ২৩ মাৰ্চৰ দিনাই সকলো ৰাজ্য চৰকাৰকে  কেন্দ্ৰই  এছঅ’পি দিছিল।

কিন্তু কি কাৰণত ৰাজ্য চৰকাৰে সেই এছঅ’পি মানি চলা নাছিল?কিয় নিৰ্বাচনী প্ৰচাৰ সভাসমূহত হাজাৰে হাজাৰে মানুহ সমৱেত হ’বলৈ দিছিল?

মাস্ক পৰিধান, সামাজিক দূৰত্বৰ কথা কোনো ৰাজনীতিক আৰু চৰকাৰে কোৱা নাছিল। কেন্দ্ৰৰ এছঅ’পি মানি চলিলে অসমত আজিৰ এনে পৰিস্থিতিৰ সৃষ্টি হ’লহেঁতেন নে?

এইবোৰ প্ৰশ্নই এতিয়া সচেতন মহলৰ মনত উদ্ৰেক ঘটিছে।বিশ্বৰ কোনো এখন দেশে কোভিড মুক্ত বুলি ঘোষণা কৰিব পৰা নাই।

তেনে স্থলত নিৰ্বাচনৰ সময়ত কিয় অসম কোভিড মুক্ত হ’ল বুলি ভবা হ’ল? এই প্ৰশ্নৰ উত্তৰ কাৰোৱাৰ ওচৰত আছেনে?

বিশ্ব স্বাস্থ্য সংস্থায়ো কোভিডৰ বিৰুদ্ধে যুঁজ খন দীঘলীয়া হ’ব বুলি কৈ আহিছে।

এনে পৰিস্থিতিত ৰাজ্যৰ খোদ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে  কি যুক্তিত অসমত নিৰ্বাচনৰ সময়ত কোভিড নাছিল বুলি ক’লে সেয়াহে চিন্তাৰ বিষয়।কেন্দ্ৰৰ এছঅ’পি উলংঘা কৰাৰেই ফল আজি আমি ভোগা নাইতো!

দুলাল মিশ্ৰ

দুলাল মিশ্ৰ

Stay Connected

  • 117k Fans

Recent News

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd