• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ স্বৈৰাচাৰী শাসন ওফৰাবলৈ অসমৰ কৰ্মচাৰীসকলক সংকল্পবদ্ধ হ’বলৈ আহ্বান ভূপেন বৰাৰ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
August 22, 2022 6:19 pm
National Pension System
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি চৰকাৰৰ আমোলত চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চন ব্যৱস্থাক নস্যাৎ কৰি জীৱনৰ এটা বৃহৎ কাল সেৱা আগবঢ়াই অহা চৰকাৰী চাকৰিয়াল আৰু তেওঁলোকৰ পৰিয়ালৰ ভৱিষ্যৎ অন্ধকাৰৰ মাজলৈ ঠেলি দি আৰম্ভ কৰা ‘নতুন পেঞ্চন আঁচনি’ প্রত্যাহাৰৰ দাবীত আৰু পুৰণি পেলন নীতি বলৱৎ ৰখাৰ দাবীত অসমৰ চৰকাৰী কৰ্মচাৰীসকলে গ্ৰহণ কৰা আন্দোলনৰ কাৰ্যসূচীলৈ পূৰ্ণ সমর্থনৰ কথা ঘোষণা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।

দেশত ১৮৫৭ চনতে বৃটিছ চৰকাৰে আৰম্ভ কৰা আৰু অসম চৰকাৰে ১৯৬৯ ৰ পেঞ্চন আইন আৰু ১৯৬৪ ৰ পৰিয়াল পেঞ্চন আইনৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষাৰে যি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল তাক এতিয়া মোদী চৰকাৰে নিজৰ অর্থনৈতিক নীতিৰ ব্যৰ্থতা ঢাকিবলৈ জীৱনজুৰি সেৱা আগবঢ়োৱা কৰ্মচাৰীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ ভবিষ্যত ধ্বংসৰ মুখলৈ ঠেলি দি গ্ৰহণ কৰা ‘নতুন পেঞ্চন আঁচনি’ কোনো কাৰণতে কৰ্মচাৰীসকলে গ্রহণ কৰা উচিত নহয় বুলি মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই।

বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি ভূপেন বৰাই কয় যে অর্থনৈতিকভাবে দেশক লাওলোৱা অৱস্থাৰ মাজলৈ লৈ যোৱাৰ বাবে জগৰীয়া কেৱল মোদী চৰকাৰৰ অপৈণত অর্থনৈতিক নীতি। ইয়াৰ বাবে চৰকাৰী কৰ্মচাৰীসকলক বলিৰ পঠা সজোৱা বন্ধ কৰিবলৈ চৰকাৰক সকীয়াই দিয়ে ভূপেন বৰাই।

তেওঁ কয়, “নতুন পেঞ্চন আঁচনি’ অনুসৰি কৰ্মচাৰীসকলৰ দৰমহাৰ ১০ শতাংশ ধন পেঞ্চনৰ শিতানত কাটি ৰখাৰ নিয়ম প্রবর্তন কৰিবলৈ বিচৰা হৈছে আৰু ১৪ শতাংশ ধন চৰকাৰে কৰ্মচাৰীজনৰ বাবদ জমা দিব আৰু এই সমুদায় ধন কেতবোৰ বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে বজাৰত বিনিয়োগ কৰিব। তাৰ লভ্যাংশৰ পৰা কৰ্মচাৰীজন অৱসৰৰ পিছত সেই অনুপাতে মাহিলী পেঞ্চন প্ৰদান কৰিব। এয়া কি আজব নীতি!”

“কিন্তু পূর্বৰ পেঞ্চন আঁচনিত পেখনৰ বাবে কৰ্মচাৰীৰ পৰা এপইচাও কৰ্তন কৰাৰ ব্যৱস্থা নাছিল। আনহাতে পূর্বৰ নিয়ম অনুসৰি অৱসৰৰ সময়ত একোজন কৰ্মচাৰীৰ শেহৰ মাহৰ দৰমহাৰ ৫০ শতাংশ ধন মাহিলী পেঞ্চন হিচাপে নিৰূপিত হৈছিল। কিন্তু নতুন নিয়মত সেয়া বজাৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব, অর্থাৎ কৰ্তনৰ পৰিমাণ অনিশ্চিত কৰি ৰখা হ’ব। ইফালে পূর্বে সর্বনিম্ন পেঞ্চনৰ সীমা মাহিলী ৬০০० টিকাকৈ নিৰূপিত হৈছিল, যিটো নতুন পেঞ্চন আঁচনি মতে অনিশ্চিত। অর্থাৎ কোনো কর্মচাৰীয়ে হয়তো এটকাও নাপাব পাৰে।”- বৰাই লগতে কয়।

তেওঁ কয় যে এই নতুন নীতিৰ অধীনত যোৱা কেইবছৰত অৱসৰ গ্ৰহণ কৰা সাত সহস্ৰাধিক শিক্ষক-কর্মচাৰীয়ে মাহিলী পেঞ্চনৰ নামত পাইছে মাত্র ৫০০ ৰ পৰা ১২০০ টকাকৈ। এই নাভূত-নাশ্রত নীতি কোনো কাৰণতে গ্রহণযোগ্য নহয় বুলি মন্তব্য কৰি বৰাই সর্বশক্তিৰে বিজেপি চৰকাৰৰ এনে অগণতান্ত্রিক, কৰ্মচাৰী-বিৰোধী নীতি বাতিলৰ দাবীত তীব্ৰ সংগ্ৰামৰ পথ গ্ৰহণ কৰিবলৈ কৰ্মচাৰীসকলক আহ্বান জনায়।

কৰ্মচাৰীসকলৰ দাবীত ৰাজস্থান, ছত্তিশগড়, ঝাখণ্ড, পঞ্জাব আদি ৰাজ্যই যদি ‘নতুন পেঞ্চন আঁচনি’ অগ্রাহ্য কৰি পুৰণি পেঞ্চন ব্যৱস্থাকে বাহাল ৰাখিব পাৰে, তেন্তে অসম চৰকাৰে ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে সেইখিনি কৰিব নোৱাৰাৰ ৰহস্য ক’ত বুলি প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।

যদি দিল্লীৰ চৰকাৰক তৈলমর্দন কৰাৰ বাবেই নিজ ৰাজ্যৰ কৰ্মচাৰীসকলৰ আৰু তেওঁলোকৰ পৰিয়ালৰ ভৱিষ্যতক লৈ এনে অনাকাংক্ষিত খেল খেলিবলৈ নেৰে তেন্তে তাৰ বিষম পৰিণতিৰ বাবে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰখন সাজু হোৱাৰ সময় হ’ল বুলিও সকীয়াই দিয়ে ভূপেন বৰাই।

“এনে স্বৈৰাচাৰী শাসন উৎপাত কৰি এক গণতান্ত্রিক ৰাজনৈতিক বাতাবৰণ গঢ়ি তুলিবলৈ অসমৰ সকলো স্তৰৰ কৰ্মচাৰীসকল আপোচবিহীন হৈ আগবাঢ়ি আহক। মই কংগ্ৰেছৰ হৈ কথা দিছো, আমি আপোনালোকৰ প্ৰতি অন্যায় হ’বলৈ দিয়া নাছিলো আৰু ভবিষ্যতেও কাহানিও নিদিও।” ভূপেন বৰাই লগতে কয়।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT-TET শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা!

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT-TET শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা!

September 3, 2025 9:30 pm
নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

September 3, 2025 8:35 pm
ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

September 3, 2025 7:33 pm
মালয়েছিয়া, পাকিস্তানৰ পৰা পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ ধন আহিছিল! তদন্তত বিস্ফোৰক তথ্য এনআইএ-ৰ

মালয়েছিয়া, পাকিস্তানৰ পৰা পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ ধন আহিছিল! তদন্তত বিস্ফোৰক তথ্য এনআইএ-ৰ

September 3, 2025 6:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT-TET শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা!

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT-TET শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা!

September 3, 2025 9:30 pm
নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

September 3, 2025 8:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd