গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ

ফটো : নৰ্থ-ইষ্ট নাও

ক’ৰ’নাৰ ভয়াৱহতাৰ লগতে প্ৰতিকূল বতৰক নেওচি আজি গুৱাহাটী ক্লাবত অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ দাবীত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ কৰ্মীসকলে হাতে হাতে প্লেকাৰ্ড লোৱা দেখা যায়।

প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ গ’ বেক, গণতন্ত্ৰ হত্যাকাৰী নৰেন্দ্ৰ মোদি গ’ বেক, ৰাজনীতিত কিনা বেচা বন্ধ কৰক, বিধায়কক ঘোৰাৰ দৰে কিনা বেচা বন্ধ কৰক আদি শ্ল’গানেৰে গুৱাহাটী ক্লাবৰ পৰিবেশ উত্তাল কৰি তোলে।

প্ৰতিবাদস্থলৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়, ‍‘দেশজুৰি এই প্ৰতিবাদ দিৱস উদযাপন কৰা হৈছে৷ বিজেপি চৰকাৰে সংবিধানক অৱমাননা কৰি সংবিধানৰ ৰক্ষক ৰাজ্যপাল ক্ষমতাক অপব্যৱহাৰ কৰি ভয় ভিতি দেখুৱাই কংগ্ৰেছৰ নিৰ্বাচিত চৰকাৰ সমূহ ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ কৰিছে সেই ষড়যন্ত্ৰৰ প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে’৷

বৰাই লগতে কয়, ‍‘এই বিজেপি চৰকাৰে উত্তৰাখণ্ড, মণিপুৰ, গোৱা, কৰ্ণাটক আ্‌ৰু মধ্যপ্ৰদেশত কংগ্ৰেছৰ নিৰ্বাচিত চৰকাৰ সমূহ ষড়যন্ত্ৰৰে বিধায়ক কিনা বেচা কৰি পতন ঘটোৱাৰ পিছত শেহতীয়াভাৱে বিজেপিয়ে ৰাজস্থানত ষড়যন্ত্ৰ কৰিলে’।

‍‘ৰাজস্থানত ৰাজ্যপালে তেখেতৰ পদমৰ্যাদাৰ অপব্যৱহাৰ কৰিছে। ৰাজ্যপালক বিধানসভা আহ্বান কৰাৰ দাবী জনোৱাৰ পিছতো ৰাজ্যপালে তেওঁৰ সাংবিধানিক ক্ষমতাৰ অপব্যৱহাৰ কৰি বিধানসভাৰ অধিৱেশন আহ্বান নাই কৰা’, এইদৰে কয় বৰাই।

বৰাই লগতে কয় যে মুখ্য মন্ত্ৰীয়ে সংখ্যা গৰিষ্ঠতা প্ৰমাণ কৰিবৰ বাবে বিধানসভাৰ অধিৱেশন আহ্বান জনোৱাৰ পিছতো ৰাজ্যপালে সুবিধা দিয়া নাই, পৰোক্ষভাৱে ৰাজ্যপালে বিধায়ক কিনা বেচাৰহে সুবিধা উলিযাই দিছে।

ইপিনে বিশ্বত ভয়াৱহ ক’ৰ’নাৰ ভয়াৱহতাৰ বাবে আজি প্ৰথমবাৰৰ বাবে মহানগৰ আৰক্ষীয়ে পিপিই কিট পিন্ধি প্ৰতিবাদস্থলত উপস্থিত হয়৷

এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ লগতে দলটোৰ প্ৰায় শতাধিক কৰ্মী উপস্থিত থাকে।