মাৰ্ঘেৰিটাৰ পৰাই লোকসভা নিৰ্বাচনৰ ৰণডংকা বজালে অসম প্ৰদেশ কংগ্ৰেছে : হৰিশ ৰাৱট

Congress executive meet

‘বিজেপি চৰকাৰে হিচাপ দিয়ক আৰু উত্তৰ দিয়ক’ কাৰ্যসূচীৰ জৰিয়তে আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত আগন্তক লোকসভা নিৰ্বাচনৰ ৰণডংকা বজালে অসম প্ৰদেশ কংগ্ৰেছে।

লোকসভা নিৰ্বাচনৰ প্ৰাৰম্ভিক প্ৰস্তুতি হিচাপে আজি তিনিচুকীয়া জিলা কংগ্ৰেছৰ উদ্যোগত মাৰ্ঘেৰিটা কংগ্ৰেছ ভৱনত জিলা কংগ্ৰেছৰ এখন বৰ্দ্ধিত কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয়।

সভাত আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্ততি সন্দৰ্ভত আলোচনা কৰাৰ লগতে বিজেপি চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতি, ব্যৰ্থতা, দুৰ্নীতি আৰু জনবিৰোধী নীতি ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ বাবে কংগ্ৰেছৰ জিলা আৰু মণ্ডল পৰ্যায়ৰ নেতাসকলক সজাগ কৰি তোলা হয়।

সভাত উপস্থিত থাকি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়কৰ দায়িত্বত থকা হৰিশ ৰাৱটে মাৰ্ঘেৰিটাৰ পৰাই কংগ্ৰেছে আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণডংকা বজালে বুলি মন্তব্য কৰে। তেওঁ মাৰ্ঘেৰিটাত কংগ্ৰেছ নেত-কৰ্মীসকলৰ উৎসাহ দেখি যথেষ্ট আনন্দিত বুলিও কয়।

সভা আৰম্ভ হোৱাৰ পূৰ্বে ৰাৱটে কংগ্ৰেছ ভৱনৰ চৌহদত থকা বীৰছা মুণ্ডাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে। আজিৰ সভাত অসম প্ৰদেশ কংগ্ৰছ কমিটিৰ সভাপতি ৰিপুন বৰা, দলপতি দেৱব্ৰত শইকীয়া, পৱন সিং ঘাটোৱাৰ, প্ৰদ্যুৎ বৰদলৈ, পৃথিৱী মাঝীকে ধৰি দলটোৰ বহুকেইজন নেতা উপস্থিত থাকে।