অসমৰ বিভিন্ন প্ৰান্তত বিজেপিৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতাৰণাবিৰোধী দিৱস

আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছে বিজেপি চৰকাৰৰ বানপানী নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি ব্যৰ্থ হোৱাৰ অভিযোগত প্ৰতাৰণাবিৰোধী দিৱসৰ কাৰ্যসূচী ৰূপায়ন কৰে।

ইফালে, বিজেপি চৰকাৰৰ বান নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি প্ৰতিলিপি দাহ কৰি নৰেন্দ্ৰ মোডী গ’ বেক, বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে কংগ্ৰেছ নেতা কৰ্মী সকলে।

”বিজেপিয়ে দিয়া হাজাৰ হাজাৰ প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে ৷ বান সমস্যা লাঘবৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাডকাৰী আৰু সৰ্বানন্দ সণোৱালে দিয়া প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে ৷ বানপানী সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰা হয়,” প্ৰতাৰণা বিৰোধী দিৱস কাৰ্যসূচীত উপস্থিত থাকি এইদৰে মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷

সভাপতি বৰাই লগতে কয় যে, প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৭ চনৰ পহিলা আগষ্টত গুৱাহাটীত অসম চৰকাৰৰ কেবিনেটৰ লগত আলোচনা মৰ্মে কৰা বান নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি ক’লৈ গ’ল। উত্তৰ-পূৰ্বাঞ্চলৰ বানপানীৰ ক্ষয়-ক্ষতিৰ বাবে ২৩৫০ কোটি টকাৰ লগতে তৎকালীন অসমৰ ২৫০কোটি, ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ ৪০০ কোটি, ব্ৰহ্মপুত্ৰ অৱবাহিকা অধ্যয়নৰ ১০০কোটি টকা কি হ’ল বুলিও বৰাই প্ৰশ্ন কৰে।

মুখ্য মন্ত্ৰী সোণোৱালক কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাদকাৰীয়ে দিয়া ১ লাখ কোটি টকাৰ ব্ৰহ্মপুত্ৰ পাৰৰ এক্সপ্ৰেছ হাইৱে ঘোষণা কি হল ৷ বিজেপিৰ ভিজন ডকুমেণ্টৰ বান নিয়ন্ত্ৰণ নিৰ্বাচনী প্ৰতিশ্ৰুতি কিয় কাৰ্যকৰী নহল বুলি প্ৰশ্ন কৰে বৰাই ৷

ব্ৰহ্মপুত্ৰ খননৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালৰ ড্ৰেজাৰ কেতিয়া আহিব বুলি উল্লেখ কৰি বৰাই কয় “নমামী ব্ৰহ্মপুত্ৰ আৰু নমামী বৰাক উৎসৱৰ সপোন বোৰ কেতিয়া পূৰণ হ’ব বুলি চৰকাৰলৈ আঙুলি টোৱায়।

সমগ্ৰ ৰাজ্যজুৰি কংগ্ৰেছে আজি বিজেপি বিৰোধী প্ৰতাৰণা দিৱস পালন কৰিছে। প্ৰতাৰণা বিৰোধী কাৰ্যসূচীত উপস্থিত থাকে শৰৎ বৰকটকী, ন কংগ্ৰেছী ৰাম প্ৰসাদ শৰ্মা, ৱাজেদ আলি চৌধুৰীকে ধৰি অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতৃত্ব।