সৃষ্টিশীল লেখক আৰু প্ৰকাশকক উদগনিৰ বাবে ব্যতিক্ৰমী পদক্ষেপ অসম প্ৰকাশন পৰিষদৰ

প্রকাশন পৰিষদ সাহিত্য বঁটা-২০২১ প্ৰদানৰ সিদ্ধান্ত

Assam Prakashan Parishad

অসম প্রকাশন পৰিষদৰ উদ্যোগত চলিত বছৰৰ পৰা সৃষ্টিশীল লেখক আৰু প্ৰকাশকৰ বাবে প্রকাশন পৰিষদ সাহিত্য বঁটা প্ৰবৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসম প্রকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই পৰিষদৰ বামুণীমেদামস্থিত কাৰ্যালয়ত আজি আয়োজিত এখন সংবাদ মেলত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰি কৰে।

আজিৰ সংবাদমেলখনত সাংবাদিকসকলক সম্বোধন কৰি সচিব কলিতাই কয় যে সাহিতাৰ তিনিটা শাখা ক্ৰমে উপন্যাস, গল্প আৰু কাব্যৰ লেখকৰ মাজৰ পৰা এগৰাকী লেখকক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হ’ব। লগতে এই সাহিতা বঁটাৰে পুৰস্কৃত হোৱা গ্ৰন্থখনৰ প্রকাশককো এটা বঁটা প্রদান কৰা হ’ব।

এই দুয়োটা বঁটাত থাকিব দুই লাখকৈ টকা আৰু একোখনকৈ প্রশস্তি-পত্ৰ। উল্লেখ যে সাহিত্যৰ ক্ষেত্ৰত লেখকক বঁটা প্ৰদান কৰাটো এটা সাধাৰণতে হৈ থকা কথা যদিও ভাৰতবৰ্ষত প্ৰথমবাৰলৈ লেখকৰ সমান্তৰালকৈ প্রকাশকক এনেদৰে বঁটা প্রদান কৰা এই ব্যৱস্থা এক বিৰল উদাহৰণ হিচাপে চিহ্নিত হ’ব।

সচিব কলিতাই এই প্ৰসংগত অসমৰ মাননীয় শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে এই বঁটা প্ৰদানৰ বাবে পৰামৰ্শ আগবঢ়ায় বুলি সংবাদমেলত ব্যক্ত কৰে। সৃষ্টিশীল লেখক আৰু প্রকাশকসকলক উৎসাহিত কৰাৰ বাবেই এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰা উচিত বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেণ্ডৱে সচিব কলিতাক পৰামৰ্শ দিয়াৰ কথা সংবাদমেলত বিস্তৃতভাৱে অৱগত কৰে।

প্ৰমোদ কলিতাই এই বঁটাৰ নিয়ম সম্পৰ্কেও সংবাদমেলত কিছু ব্যাখ্যা দাঙি ধৰে। কলিতাই জনোৱা মতে ২০১৮ চনৰ ১ জানুৱাৰীৰ পৰা ২০২০ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্রকাশিত উপন্যাস,গল্প সংকলন আৰু কাব্যগ্ৰন্থ এই বঁটাৰ বাবে নিৰ্বাচিত হ’ব।

অসম প্রকাশন পৰিষদৰ তৰফৰ পৰা গ্ৰন্থ সংগ্ৰহৰ বাবে এখন প্র-পত্ৰ প্রচাৰ মাধ্যমযোগে প্রকাশ কৰা হ’ব আৰু নিৰ্ধাৰণ কৰি দিয়া সময়সীমাৰ ভিতৰত প্রকাশিত উপন্যাস,গল্প আৰু কাব্যগ্ৰন্থৰ লেখক অথবা প্রকাশকে এই প্র-পত্ৰ পূৰণ কৰি প্রেৰণ কৰিব পাৰিব।

লেখক-প্রকাশকসকলে অসম প্রকাশন পৰিষদৰ ৱেৱচাইট www.publicationboardassam.com ৰ পৰা প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব। প্ৰ-পত্ৰ অনলাইনযোগে প্ৰেৰণ কৰাৰ উপৰি ডাকযোগেও প্র-পত্ৰ সৈতে গ্ৰন্থৰ পাঁচটা কপি অহা ১০ ডিচেন্বৰ-২০২১ তাৰিখৰ ভিতৰত প্ৰেৰণ কৰিব পাৰিব।

প্ৰ-পত্ৰ প্রেৰণৰ ডাক-ঠিকনা : অসম প্রকাশন পৰিষদ, বামুণীমৈদাম, গুৱাহাটী-২১, ইমেইল: assampublicationboard@gmail.com