“Assam Proper”, অসমীয়াৰ ঐক্যত আন এটা আঘাত; অধ্যাপক ননীগোপাল মহন্ত পুনৰ বিতৰ্কত

বিজেপিৰ কৰ্মীসভাৰ পৰা পলাইছিল সাংবাদিকৰ কেমেৰা দেখি; সাক্ষাৎ কৰিছিল মোহন ভাগৱতক; শিক্ষক দিৱসৰ দিনটোত উপস্থিত আছিল নেডাৰ বৈঠকত

Nani Gopal Mahanta

ফটোৰ উৎস : ইণ্টাৰনেট।

জাতিটোলৈ সংকট কঢ়িয়াই অনা CAA-ৰ বিৰোধিতাত সকলো অসমীয়া ঐক্যবদ্ধ হোৱাৰ সময়তে বিভাজনৰ এপাট অস্ত্ৰ এৰি দিছে বিজেপিৰে সম্পৰ্কিত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিতৰ্কিত অধ্যাপক ড০ ননীগোপাল মহন্তই।

মহন্তই এটা ব্যক্তিগত খণ্ডৰ বাতৰি চেনেলত ২৮ ডিচেম্বৰত এটা আলোচনাৰ সময়ত নাগৰিকত্ব (সংশোধন) আইনখনৰ আওতাৰ পৰা বাহিৰত ৰাখিবলৈ উজনি অসমৰ জিলাবোৰৰ নাম লওঁতে “আছাম প্ৰপাৰ” শব্দটো ব্যৱহাৰ কৰে।

বিষয়টোত এটা সমাধানৰ প্ৰস্তাৱ আগ বঢ়াই তেওঁ কয়, “আমাৰ যিখন আছাম প্ৰপাৰ- শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, চৰাইদেউ, শোণিতপুৰ, ধেমাজি, লখিমপুৰকে ধৰি অন্ততঃ দহখন জিলাক CAA-ৰ আওতাৰ পৰা বাহিৰত ৰাখক”।

ইতিপূৰ্বে কেন্দ্ৰৰ বিজেপি চৰকাৰে বিতৰ্কিত আইনখনৰ পৃষ্ঠভূমিক ব্যৱহাৰ কৰি অসমীয়াক ষষ্ঠ অনুসূচীৰ অধীন এলেকাৰ বাসিন্দা আৰু তাৰ বাহিৰৰ বাসিন্দা হিচাপে ভাগ কৰি থৈছে। উত্তৰ-পূবৰ ইনাৰলাইন পাৰ্মিট থকা ৰাজ্যবোৰ আৰু ষষ্ঠ অনুসূচীৰ অন্তৰ্গত এলেকাবোৰ আইনখনৰ পৰা বাহিৰত ৰখাত আন্দোলনকাৰীৰ শক্তি কমি গৈছিল।

বিজেপিৰ সৈতে থকা “সম্পৰ্ক”ৰ আধাৰত মহন্তৰ মন্তব্যকো ছ’চিয়েল মিডিয়াত তৎক্ষণাত “বিভাজনমূলক” বুলি চিহ্নিত কৰা হয় আৰু তীব্ৰ প্ৰতিক্ৰিয়া কৰে য়ুজাৰসকলে।

বিতৰ্কৰ কেন্দ্ৰ হৈ পৰাৰ পিছত আজি মহন্তই এটা ফেইচবুক পোষ্টৰ জৰিয়তে নিজৰ বক্তব্যক যুক্তিযুক্ত প্ৰমাণ কৰাৰ চেষ্টা কৰে।

তেওঁ Assam proper শব্দটো তেওঁৰ সৃষ্টি নহয় আৰু ইয়াৰ দ্বাৰা তেওঁ proper Assam বুজোৱা নাই বুলি দাবী কৰে। অমলেন্দু গুহ, এডৱাৰ্ড গেইট, হেৰম্বকান্ত বৰপূজাৰী প্ৰমুখ্যে অসমৰ বহুকেইজন ইতিহাসবিদে শব্দটো ব্যৱহাৰ কৰিছে বুলি দাবী মহন্তৰ।

স্পষ্টীকৰণ সত্ত্বেও ইতিহাসবিদসকলে সেই সময়ৰ অসমৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা শব্দযুগল বৰ্তমানৰ প্ৰেক্ষাপটত মহন্তই ব্যৱহাৰ কৰাটো গ্ৰহণযোগ্য বুলি মানিব পৰা নাই বিভিন্নজনে।

আনকি মহন্তক নিজৰ ৱালত থকা স্পষ্টীকৰণৰ পোষ্টতে বহুজনে গৰিহণা দিছে তেওঁৰ সংকীৰ্ণ মনোভাবৰ বাবে। উজনি-নামনিৰ বিভাজন কৰা বুলি অভিযোগ কৰি নামনি অসম proper Assam নহয় নেকি বুলি মহন্তক উভতি ধৰি প্ৰশ্ন কৰিছে বহুকেইজনে?

এজন মন্তব্যকাৰীয়ে মহন্তক “বিজেপিৰ দৰেই নিজৰ কুৎসিত মন্তব্যৰে আপুনিও বিভাজন সৃষ্টি কৰিব খুজিছে” বুলি সমালোচনা কৰে।

এজনৰ মন্তব্য, “shame on you,you people do not think lower assam is a part of Assam,”.

আন এজনে কটাক্ষ কৰি কৈছে, “আপোনাৰ বৌদ্ধিক চৰ্চা সন্দেহৰ আৱৰ্তত”

আন এজনে তেওঁৰ স্পষ্টীকৰণক মানি লৈ প্ৰশ্ন উত্থাপন কৰিছে, “বাৰু বুজিলো Assam proper ৰ কথা। কিন্তু কেৱল সেইকেইখন জিলাক কেলেই বাদ দিব লাগে? বাকী বোৰক কেলেই নালাগে? আৰু এতিয়া প্ৰায়ভাগ মানুহে পাহৰি পেলোৱা তেতিয়াৰ term এটাক আজি এনেকৈ ব্যৱহাৰ কৰাৰ উদ্দেশ্যে কি?”

“যোৱা এক দশকৰো অধিক কাল শ্ৰেণীকোঠালৈ নোযোৱা আৰু মন্ত্ৰীৰ গাড়ীৰ পিছে পিছে ঘূৰি ফুৰা শিক্ষক” বুলিও তেওঁক ইতিকিং কৰা হৈছে ছ’চিয়েল মিডিয়াত।

উল্লেখ কৰিব পাৰি যে পূৰ্বে বিজেপিৰ কৰ্মীসভা আৰু নেডাৰ বৈঠকত উপস্থিত থাকি বিতৰ্কৰ আৱৰ্তত সোমাই পৰাৰ উদাহৰণ আছে অধ্যাপকজনৰ।

বিজেপি চৰকাৰ অহাৰ কিছুদিন পিছতে দিচপুৰত অনুষ্ঠিত বিজেপিৰ এখন কৰ্মীসভাত উপস্থিত থকা অধ্যাপক মহন্ত সাংবাদিকৰ কেমেৰা দেখি দৌৰিছিল। কৰ্মীসভাখনত মহন্তৰ নাম উল্লেখ আছিল বিজেপিৰ নীতি গৱেষণা কমিটীৰ সদস্য হিচাপে।

তাৰ পিছত ২০১৭ চনত শিক্ষক দিৱসৰ দিনটোত দিল্লীত অনুষ্ঠিত “নেডা”ৰ বৈঠকত ঘোষক হিচাপে উপস্থিত থাকি বিতৰ্কত পৰিছিল অধ্যাপকজন।

২০১৮ চনৰ জানুৱাৰিত অসম ভ্ৰমণলৈ অহা মোহন ভাগৱতকো তেওঁ থকা বালাজী মন্দিৰৰৰ অতিথিশালাত গোপনে সাক্ষাৎ কৰিছিল ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপকজনে।