২০১৮ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা

অসম লোকসেৱা আয়োগে আজি ২০১৮ বৰ্ষৰ অসম লোকসেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা কৰে।

অসম লোকসেৱা আয়োগে অসম অসামৰিক সেৱা(জুনিয়ৰ কেডাৰ)ৰ ১৩৮ টা পদৰ ফলাফল ঘোষণা কৰে।

অসম অসামৰিক সেৱাত কংকন জ্যোতি শইকীয়াই প্ৰথম স্থান অধিকাৰ কৰে।

আনহাতে, ৰাজহ সেৱাৰ(জুনিয়ন গ্ৰেডৰ)ৰ ৫৬ টা পদৰ ফলাফল ঘোষণা কৰা হয়। ৰাজহ সেৱাত দেৱাংগন শৰ্মাই প্ৰথম স্থান অধিকাৰ কৰে।

ইপিনে, অসম আৰক্ষী সেৱা(জুনিয়ৰ কেডাৰ)ৰ ঘোষণা কৰা আঠটা পদৰ ভিতৰত নিলোৎপল শইকীয়াই প্ৰথম স্থান লাভ কৰে।

কৰ অধীক্ষকৰ ঘোষণা কৰা ১০ টা পদৰ ভিতৰত বিপুল মেধিয়ে প্ৰথম স্থান লাভ কৰে।

ইয়াৰ উপৰিও আবকাৰী অধীক্ষকৰ এটা পদ আৰু এছিটেণ্ট এম্পইমেণ্ট অফিচাৰৰ দুটা পদৰ বাবেও অসম লোকসেৱা আয়োগে ফলাফল ঘোষণা কৰে।

অসম লোকসেৱা আয়োগৰ বিভিন্ন জুনিয়ৰ গ্ৰেড বিষয়াৰ বাবে অনুষ্ঠিত ২০১৮ বৰ্ষৰ অনুষ্ঠিত যৌথ প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ ফলাফল ১২ অক্টোবৰত ঘোষণা কৰা হৈছিল।

যোৱা বছৰ আগষ্টৰ ২তাৰিখৰ পৰা ২৯তাৰিখলৈকে ৰাজ্যখনৰ বিভিন্ন কেন্দ্ৰত অসম লোকসেৱা আয়োগৰ এই যৌথ প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত হৈছিল।

গুৱাহাটী উচ্চ ন্যয়ালয়ত উক্ত পৰীক্ষা সম্পৰ্কীয় এক গোচৰ চলি থকাৰ বাবে ২০১৮ বৰ্ষৰ মূল পৰীক্ষাৰ ফলাফল আয়োগে ঘোষণা কৰা নাছিল।

যোৱা ৯ অক্টোবৰত গোচৰটোৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে দিয়া চূড়ান্ত ৰায়দানৰ  পিছত ১২ অক্টোবৰত আদালতৰ নিৰ্দেশ অনুসৰি এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল।