বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰ্বত্ৰে প্ৰতিক্ৰিয়া

Badruddin-Ajmal-680x365

ফাইল ফটো

‘পঞ্চায়ত নিৰ্বাচনত মুখথেকেচা খায়েই মানসিক ভাৰসাম্য হেৰুৱাইছে আজমলে। বদৰুদ্দিন আজমল এজন অপৰাধী।’ ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলক কটাক্ষ কৰি এই মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱালে।

উল্লেখযোগ্য যে বুধবাৰে ই টি ভি ভাৰত নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ দক্ষিণ শালামাৰা-মানকাচৰৰ সাংবাদিকজনক সাংসদ বদৰুদ্দিন আজমলে অপদস্থ কৰাৰ উপৰি প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে। আনকি আজমলে সাংবাদিকজনৰ ‘বুম’টোও দলিয়াই দিয়ে আজমলে।

তাৰ পাছতে শাসনাধিস্থ দলটোৰ মুখপাত্ৰ মুমিনুল আৱালে নৰ্থ ইষ্ট নাওৰ সৈতে টেলিফোনিক বাৰ্তালাপত আজমলৰ এই অভব্য আচৰণৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

বদৰুদ্দিন আজমলৰ আজিৰ এই অভব্য আচৰণে কি প্ৰমাণ কৰিল বুলি উল্লেখ কৰি মুমিনুলে কয় যে ‘বদৰুদ্দিন আজমলে ইমান দিনে ৰাজনীতিৰ নামত ব্যৱসায় কৰি আহিছে। সাংবাদিকজনে অতি সাধাৰণভাৱে কেন্দ্ৰত চৰকাৰ হ’লে বিজেপিৰ লগত থাকিব নে কংগ্ৰেছৰ লগত থাকিব বুলি প্ৰশ্নটো সুধিছিল। পোনপটীয়াকৈ সোধা প্ৰশ্ন এটা সহজভাষাৰে উত্তৰ দিলেই হয়।‘

আনহাতে ভুক্তভোগী সাংবাদিকজনক আইনী ব্যৱস্থা হাতত ল’বৰ বাবে আহ্বান জনাই লগতে কয় ‘এনেকুৱা কাণ্ডজ্ঞানহীন সাংসদৰ বিৰুদ্ধে প্ৰতিবাদ-ধৰ্ণা কৰি লাভ নাই। বদৰুদ্দিন আজমলে এজন সাংবাদিকক মাথা ফালি দিম বুলি কৈছে, অৰ্থ্যাৎ প্ৰাণে মৰাৰ হুংকাৰ দিছে, গতিকে তেওঁ অপৰাধী।‘

একেদৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়ায়ো এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ‘ৰাজনৈতিক জীৱনৰ সৈতে জড়িত থকাসকলে ধৈয্য ধৰি নিজকে নিয়ন্ত্ৰণত ৰখাতো ভাল। ধৈয্য নধৰিলে ৰাজনীতিত তিকি থকাটো টান।‘

আনহাতে ই টি ভিৰ সাংবাদিকজনৰ এনে অভব্য আচৰণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ডিজিটেল মেডিয়া এছ’চিয়েশ্বন অব আসামে।

সন্থাৰ সাধাৰণ সম্পাদক মানস ৰয়ে আজমলৰ এনে কাণ্ডক ‘গণতন্ত্ৰত চৰম পদাঘাত’ বুলি আখ্যা দিয়ে। লগতে বৃহস্পতিবাৰে ধুবুৰীৰ সাংসদগৰাকীৰ বিৰুদ্ধে দিচপুৰ থানাত ডিমজাৰ তৰফৰ পৰা এখন এজাহাৰো দাখিল কৰিব বুলি সাধাৰণ সম্পাদক ৰয়ে জানিবলৈ দিয়ে।

ইফালে কৰ্তব্যৰত সাংবাদিকৰ প্ৰতি আজমলে কৰা আচৰণক গৰিহণা দিয়ে য়ুনাইটেড টেলিভিশ্যন মেডিয়া এছ’চিয়েশ্বনে। এক বিবৃতিৰ জৰিয়তে সন্থাৰ সভাপতি পংকজ শৰ্মা আৰু সাধাৰণ সম্পাদক মানস জ্যোতি বৰুৱাই কয়  যে আজমলৰ দৰে এজন নেতাৰ পৰা এনে আচৰণ কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।

বিবৃতিটোত কয় যে ‘সংবাদমেলত সাংবাদিক সকলে শালীনতা ৰক্ষা কৰি যিকোনো প্ৰশ্নই সুধিব পাৰে। তাকেই কৰিছিল মানকাচাৰৰ সাংবাদিক জনে । কিন্তু সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি সাংবাদিকক আক্ৰমণৰ উদ্দেশ্যে খেদা মাৰি গৈছিল আজমল। এই ঘটনাই সাংবাদিকৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতিও ভাবুকি আনিছে। সেয়ে ৪৮ ঘণ্টাৰ ভিতৰত বদৰুদ্দিন আজমলে সাংবাদিকজনৰ ওচৰত ক্ষমা বিচাৰক। অন্যথা আইনৰ কাষ চাপিবলৈ বাধ্য হব য়ু টি এম এ।’

ইপিনে আজমলৰ এনে কাণ্ডক চৰম গৰিহণা দি দুৰ্নীতি বিৰোধী যুৱশক্তি, অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে কয় ‘এজন সন্মানীয় সাংসদৰ এনে আচৰণে গণতন্ত্ৰক তীব্ৰ ভাৱে পদাঘাত কৰিছে।এইক্ষেত্ৰত দেশৰ আইন আৰু ন্যায় ব্যৱস্থাই নিজা-ববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অতি শীঘ্ৰে আজমলৰ সাংসদ পদ বাতিল কৰিব লাগে।