বৰাইল পাহাৰত ৰোমাঞ্চকৰ অভিযান পাঁচ পক্ষীপ্ৰেমীৰ : সন্ধান লাভ বিৰল প্ৰজাতিৰ পক্ষী

Bird-750x375

বৰাইলৰ পাহাৰৰ অন্তৰ্গত অসমৰ ডিমা হাছাও জিলাৰ পাহাৰীয়া সেউজ অঞ্চলত অসমৰ পাঁচগৰাকী পক্ষীপ্ৰেমীয়ে অভিযান চলায় সন্ধান লাভ কৰিছে এবিধ বিৰল প্ৰজাতিৰ পক্ষী।

পক্ষীপ্ৰেমী তথা দুই অৱসৰপ্ৰাপ্ত জিলা বন বিষয়া নামকেটেউঙ জামে আৰু ৰমেন দাস, ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা ধ্ৰুৱজ্যোতি বৰগোহাঁই, সপোন দুৱৰা আৰু বিশিষ্ট উদ্যোগী বিজয়ানন্দ চৌধুৰী আৰু চালক বীৰেণ কলিতাই ডিমা হাছাও জিলাৰ পাহাৰীয়া অঞ্চললৈ পক্ষী অভিযানেৰে এক যাত্ৰা আৰম্ভ কৰিছিল।

ফাগুণৰ মলয়াই মন মতলীয়া কৰাৰ সময়তে ডিমা হাছাও পাহাৰে দলটোক ৰিঙিয়াই মাতিছিল আৰু এই নিমন্ত্ৰণ উপেক্ষা কৰিব নোৱাৰি ২০২১ চনৰ ৪ মাৰ্চত গুৱাহাটীৰ পৰা পক্ষীপ্ৰেমী দলটোৱে এই যাত্ৰা আৰম্ভ কৰিছিল। পক্ষীপ্ৰেমী দলটোৱে পাহাৰীয়া অৰণ্যাঞ্চলৰ এই ভ্ৰমণত লগত লৈ গৈছিল পক্ষী অভিযানৰ বাবে প্ৰয়োজনীয় প্ৰায়বোৰ সামগ্ৰীসহ কেমেৰা।

ডিমা হাছাও পাহাৰীয়া সেউজ অঞ্চলটোলৈ নতুন আৰু বিৰল প্ৰজাতিৰ পক্ষীৰ সন্ধানত যোৱা পক্ষীপ্ৰেমী দলটোৱে গুৱাহাটীৰ পৰা গৈ প্ৰথমে হাফলঙত ৰাতি কটাই পিছদিনা পুৱাই মাহুৰলৈ যাত্ৰা আৰম্ভ কৰে। আৰু তাৰ পিছত তাৰ পৰা এটা পৃথক পেথৰে বৰাইল ৰেঞ্জৰ অৰণ্যৰ ফালে যাত্ৰা কৰি পাহাৰৰ প্ৰায় ১০০০ মিটাৰ উচ্চতাত উপস্থিত হয়। বিভিন্ন বনৰীয়া জীৱজন্তুৰে সমৃদ্ধ আৰু উদ্ভিদ তথা ঘন ঘন বাঁহেৰে আবৃত্ত অৰণ্যৰ এই বিশাল সেউজীয়া অঞ্চলটো হৈছে পক্ষীৰ স্বৰ্গ।

বাঁহৰ গছৰ দীঘলীয়া ছাঁই আভৰণ জাপি দিয়া নিৰ্জন সেউজ অঞ্চলটোত পক্ষীপ্ৰেমী দলটোৱে প্ৰথমে কোনো চৰাই চিৰিকটিৰ মাত শুনিবলৈ পোৱা নাছিল। এইদৰে নিস্তব্ধ নিৰ্জনতাৰে পাৰ হৈ গৈছিল যেন ক্ৰমশঃ সময়বোৰ। তেনেতে বিশাল পাহাৰীয়া অৰণ্যৰ নিৰৱতা ভেদি হঠাতে শুনিবলৈ পোৱা গৈছিল পক্ষীৰ কাকলি।

বিশুদ্ধ সুললিত মায়াবী কণ্ঠৰ পক্ষীৰ মাতত আত্মহাৰা হৈ পৰিছিল পক্ষীপ্ৰেমী দলটো। নিৰ্জন আকাশকো ৰঙিয়াই তুলিবলৈ সক্ষম হোৱা পক্ষীৰ এই কাকলিত আত্মহাৰা পক্ষীপ্ৰেমী দলটোৱে নিৰীক্ষণ কৰিবলৈ ধৰিলে প্ৰকৃততে এয়া কি চৰাই আছিল!

তেওঁলোকে ভালদৰে নিৰীক্ষণ কৰি দেখিলে যে সেয়া দেখোন অতি বিৰল প্ৰজাতিৰ অতি সুন্দৰ হডগন ফ্ৰগমাউথ। এই হডগন ফ্ৰগমাউথ(বাট্ৰাকোষ্টমাছ হডগচনি) হৈছে পোডাৰ্জিডিৰ পৰিয়ালৰ উপ প্ৰজাতিৰ এবিধ পক্ষী।

উল্লেখ্য যে এই ফ্ৰগমাউথ প্ৰজাতিবোৰ দক্ষিণ পূৱ এছিয়া, বিশেষকৈ উত্তৰ-পূব ভাৰত, ভূটান, বাংলাদেশ, দক্ষিণ চীন, ম্যানমাৰ, থাইলেণ্ড, ভিয়েটনাম আৰু লাওচত বিচৰণ কৰা দেখা যায়। পক্ষীপ্ৰেমী দলটোৰ মতে এই নতুন প্ৰজাতিৰ পক্ষীবিধ অসমত পোন প্ৰথমবাৰৰ বাবে দেখা পোৱা গৈছে, আৰু ইয়াৰ পূৰ্বে উত্তৰ পূৰ্বৰ অৰুণাচল প্ৰদেশৰ মিচিমি পাহাৰত দেখা পোৱা গৈছিল এই বিৰল প্ৰজাতিৰ পক্ষীবিধ।

উল্লেখ্য যে হডগন ফ্ৰগমাউথ হৈছে বাগি দিয়াত অত্যন্ত পাকৈত আৰু  নিশাচৰ এবিধ পক্ষী। ই আকাৰত সৰু চৰাই; যাৰ দৈৰ্ঘ্য ২০ৰপৰা ২৫ ছেমি আৰু ওজন প্ৰায় ৫০ গ্ৰাম। পুৰুষ আৰু মহিলা ফ্ৰগমাউথৰ মাজত পাখিৰ বৰণ বেলেগ বেলেগ। পুৰুষ হডগন ফ্ৰগমাউথ ওপৰৰ ফালে কিছু গাঢ় মুগা আৰু তলৰ ফালে পাতল মুগা বৰণৰ হয়। মহিলা পক্ষীজনী ধোঁৱাবৰণীয়া। ইহঁতৰ বুকুত এডাল নেকলেছৰ দৰে ফিকা দাগ আছে। চকু অতি সৰু, যদিও ই এবিধ নিশাচৰ চৰাই।

এই হডচন ফ্ৰগমাউথ প্ৰজাতিবোৰ দক্ষিণ পূৱ এছিয়াৰ চিৰসেউজ, নাতিশীতোষ্ণ অৰণ্যত বিচৰণ কৰা দেখা যায়, যিটো ওপৰত আমি উল্লেখ কৰি আহিছো। অৰ্থাৎ ম্যানমাৰ, দক্ষিণ চীন, উত্তৰ থাইলেণ্ড, লাওচ, ভিয়েটনাম, বাংলাদেশ আৰু ভাৰতৰ ছিকিম, অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু ত্ৰিপুৰাত বিচৰণ কৰা দেখা পোৱা যায়।

পক্ষীপ্ৰেমী দলটোৰ এই ভ্ৰমণটো ঐতিহাসিক আছিল বুলি আখ্যা দিব পাৰি, কিয়নো এই টিখৰ চৰাইবিধক অসমত প্ৰথমবাৰৰ বাবে এই দলটোৱে ফটো তোলাৰ লগতে ভিডিঅ’ ৰেকডিং কৰিবলৈ সক্ষম হৈছিল। এই যাত্ৰাই অসমত হডজন ফ্ৰগমাউথৰ উপস্থিতিৰ প্ৰথম ফটোগ্ৰাফিক প্ৰমাণ বুলি গণ্য কৰিব পাৰি।