• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰাইল পাহাৰত ৰোমাঞ্চকৰ অভিযান পাঁচ পক্ষীপ্ৰেমীৰ : সন্ধান লাভ বিৰল প্ৰজাতিৰ পক্ষী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2021 4:57 pm
Bird-750x375
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰাইলৰ পাহাৰৰ অন্তৰ্গত অসমৰ ডিমা হাছাও জিলাৰ পাহাৰীয়া সেউজ অঞ্চলত অসমৰ পাঁচগৰাকী পক্ষীপ্ৰেমীয়ে অভিযান চলায় সন্ধান লাভ কৰিছে এবিধ বিৰল প্ৰজাতিৰ পক্ষী।

পক্ষীপ্ৰেমী তথা দুই অৱসৰপ্ৰাপ্ত জিলা বন বিষয়া নামকেটেউঙ জামে আৰু ৰমেন দাস, ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা ধ্ৰুৱজ্যোতি বৰগোহাঁই, সপোন দুৱৰা আৰু বিশিষ্ট উদ্যোগী বিজয়ানন্দ চৌধুৰী আৰু চালক বীৰেণ কলিতাই ডিমা হাছাও জিলাৰ পাহাৰীয়া অঞ্চললৈ পক্ষী অভিযানেৰে এক যাত্ৰা আৰম্ভ কৰিছিল।

Apply Now

ফাগুণৰ মলয়াই মন মতলীয়া কৰাৰ সময়তে ডিমা হাছাও পাহাৰে দলটোক ৰিঙিয়াই মাতিছিল আৰু এই নিমন্ত্ৰণ উপেক্ষা কৰিব নোৱাৰি ২০২১ চনৰ ৪ মাৰ্চত গুৱাহাটীৰ পৰা পক্ষীপ্ৰেমী দলটোৱে এই যাত্ৰা আৰম্ভ কৰিছিল। পক্ষীপ্ৰেমী দলটোৱে পাহাৰীয়া অৰণ্যাঞ্চলৰ এই ভ্ৰমণত লগত লৈ গৈছিল পক্ষী অভিযানৰ বাবে প্ৰয়োজনীয় প্ৰায়বোৰ সামগ্ৰীসহ কেমেৰা।

ডিমা হাছাও পাহাৰীয়া সেউজ অঞ্চলটোলৈ নতুন আৰু বিৰল প্ৰজাতিৰ পক্ষীৰ সন্ধানত যোৱা পক্ষীপ্ৰেমী দলটোৱে গুৱাহাটীৰ পৰা গৈ প্ৰথমে হাফলঙত ৰাতি কটাই পিছদিনা পুৱাই মাহুৰলৈ যাত্ৰা আৰম্ভ কৰে। আৰু তাৰ পিছত তাৰ পৰা এটা পৃথক পেথৰে বৰাইল ৰেঞ্জৰ অৰণ্যৰ ফালে যাত্ৰা কৰি পাহাৰৰ প্ৰায় ১০০০ মিটাৰ উচ্চতাত উপস্থিত হয়। বিভিন্ন বনৰীয়া জীৱজন্তুৰে সমৃদ্ধ আৰু উদ্ভিদ তথা ঘন ঘন বাঁহেৰে আবৃত্ত অৰণ্যৰ এই বিশাল সেউজীয়া অঞ্চলটো হৈছে পক্ষীৰ স্বৰ্গ।

বাঁহৰ গছৰ দীঘলীয়া ছাঁই আভৰণ জাপি দিয়া নিৰ্জন সেউজ অঞ্চলটোত পক্ষীপ্ৰেমী দলটোৱে প্ৰথমে কোনো চৰাই চিৰিকটিৰ মাত শুনিবলৈ পোৱা নাছিল। এইদৰে নিস্তব্ধ নিৰ্জনতাৰে পাৰ হৈ গৈছিল যেন ক্ৰমশঃ সময়বোৰ। তেনেতে বিশাল পাহাৰীয়া অৰণ্যৰ নিৰৱতা ভেদি হঠাতে শুনিবলৈ পোৱা গৈছিল পক্ষীৰ কাকলি।

বিশুদ্ধ সুললিত মায়াবী কণ্ঠৰ পক্ষীৰ মাতত আত্মহাৰা হৈ পৰিছিল পক্ষীপ্ৰেমী দলটো। নিৰ্জন আকাশকো ৰঙিয়াই তুলিবলৈ সক্ষম হোৱা পক্ষীৰ এই কাকলিত আত্মহাৰা পক্ষীপ্ৰেমী দলটোৱে নিৰীক্ষণ কৰিবলৈ ধৰিলে প্ৰকৃততে এয়া কি চৰাই আছিল!

তেওঁলোকে ভালদৰে নিৰীক্ষণ কৰি দেখিলে যে সেয়া দেখোন অতি বিৰল প্ৰজাতিৰ অতি সুন্দৰ হডগন ফ্ৰগমাউথ। এই হডগন ফ্ৰগমাউথ(বাট্ৰাকোষ্টমাছ হডগচনি) হৈছে পোডাৰ্জিডিৰ পৰিয়ালৰ উপ প্ৰজাতিৰ এবিধ পক্ষী।

উল্লেখ্য যে এই ফ্ৰগমাউথ প্ৰজাতিবোৰ দক্ষিণ পূৱ এছিয়া, বিশেষকৈ উত্তৰ-পূব ভাৰত, ভূটান, বাংলাদেশ, দক্ষিণ চীন, ম্যানমাৰ, থাইলেণ্ড, ভিয়েটনাম আৰু লাওচত বিচৰণ কৰা দেখা যায়। পক্ষীপ্ৰেমী দলটোৰ মতে এই নতুন প্ৰজাতিৰ পক্ষীবিধ অসমত পোন প্ৰথমবাৰৰ বাবে দেখা পোৱা গৈছে, আৰু ইয়াৰ পূৰ্বে উত্তৰ পূৰ্বৰ অৰুণাচল প্ৰদেশৰ মিচিমি পাহাৰত দেখা পোৱা গৈছিল এই বিৰল প্ৰজাতিৰ পক্ষীবিধ।

উল্লেখ্য যে হডগন ফ্ৰগমাউথ হৈছে বাগি দিয়াত অত্যন্ত পাকৈত আৰু  নিশাচৰ এবিধ পক্ষী। ই আকাৰত সৰু চৰাই; যাৰ দৈৰ্ঘ্য ২০ৰপৰা ২৫ ছেমি আৰু ওজন প্ৰায় ৫০ গ্ৰাম। পুৰুষ আৰু মহিলা ফ্ৰগমাউথৰ মাজত পাখিৰ বৰণ বেলেগ বেলেগ। পুৰুষ হডগন ফ্ৰগমাউথ ওপৰৰ ফালে কিছু গাঢ় মুগা আৰু তলৰ ফালে পাতল মুগা বৰণৰ হয়। মহিলা পক্ষীজনী ধোঁৱাবৰণীয়া। ইহঁতৰ বুকুত এডাল নেকলেছৰ দৰে ফিকা দাগ আছে। চকু অতি সৰু, যদিও ই এবিধ নিশাচৰ চৰাই।

এই হডচন ফ্ৰগমাউথ প্ৰজাতিবোৰ দক্ষিণ পূৱ এছিয়াৰ চিৰসেউজ, নাতিশীতোষ্ণ অৰণ্যত বিচৰণ কৰা দেখা যায়, যিটো ওপৰত আমি উল্লেখ কৰি আহিছো। অৰ্থাৎ ম্যানমাৰ, দক্ষিণ চীন, উত্তৰ থাইলেণ্ড, লাওচ, ভিয়েটনাম, বাংলাদেশ আৰু ভাৰতৰ ছিকিম, অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু ত্ৰিপুৰাত বিচৰণ কৰা দেখা পোৱা যায়।

পক্ষীপ্ৰেমী দলটোৰ এই ভ্ৰমণটো ঐতিহাসিক আছিল বুলি আখ্যা দিব পাৰি, কিয়নো এই টিখৰ চৰাইবিধক অসমত প্ৰথমবাৰৰ বাবে এই দলটোৱে ফটো তোলাৰ লগতে ভিডিঅ’ ৰেকডিং কৰিবলৈ সক্ষম হৈছিল। এই যাত্ৰাই অসমত হডজন ফ্ৰগমাউথৰ উপস্থিতিৰ প্ৰথম ফটোগ্ৰাফিক প্ৰমাণ বুলি গণ্য কৰিব পাৰি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

August 28, 2026 8:51 pm
নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd