NORTHEAST NOW (Assamese)

আতংকত কঁপিছে ৰাজ্য!: সোমবাৰে অসমত সৰ্বাধিক ৯২ গৰাকী কোভিড ৰোগীৰ মৃত্যু

May 17, 2021 8:29 pm · এন ই নাও নিউজ

কোভিডৰ দ্বিতীয় ঢৌৱে সন্ত্ৰাস সৃষ্টি কৰিছে ৰাজ্যত।

যোৱা ২৪ ঘণ্টাত ৰাজ্যত মৃত্যু হৈছে ৯২ গৰাকীকৈ কোভিড ৰোগীৰ।

সোমবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা এটা টুইটত এই তথ্য প্ৰকাশ পাইছে।

মুখ্যমন্ত্ৰী শৰ্মাই টুইটত কয় যে যোৱা ২৪ ঘণ্টাত ৬,৩৯৪ গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে।

মুখ্যমন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি দিনটোত ৯১,৪৮১ গৰাকী লোকৰ কোভিড টেষ্টৰ হৈছিল আৰু ৬.৯৯% হাৰেৰে ৬,৩৯৪ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে।

ইফালে যোৱা ২৪ ঘণ্টাত কামৰূপ মহানগৰত আক্ৰান্ত হৈছে ১,১০০ গৰাকী লোক।

আনহাতে কোভিড আৰোগ্য হাৰ হৈছে ৮৫.৭৩ শতাংশ।

Related News