NORTHEAST NOW (Assamese)

সাৱধান! ২৪ ঘণ্টাত গুৱাহাটীৰ ৫০২ গৰাকী ক’ৰ’নাত আক্ৰান্ত; ৰাজ্যত নতুনকৈ ১৪০ গৰাকী

July 1, 2020 1:07 pm · কল্পজ্যোতি শইকীয়া
Updated: July 1, 2020 2:46 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

বুধবাৰে ৰাজ্যত নতুনকৈ ১৪০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হয়। আক্ৰান্ত সকলৰ ভিতৰত ১২২ গৰাকী গুৱাহাটীৰ বুলি জানিব পৰা যায়।

গুৱাহাটীত ২৪ ঘণ্টাৰ ভিতৰত ৫০২ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

ইয়াৰে কালি নিশা ১২ বজাত গুৱাহাটীৰ ৩৮০ গৰাকী আক্ৰান্ত হোৱা বুলি মন্ত্ৰী হিমন্তই জনোৱাৰ লগতে এই মুহূৰ্তত ১২২ গৰাকী লোকৰ ক’ভিড-১৯ পজিটিভ অহা বুলি টুইটাৰযোগে জনায়।

ৰাজ্যত ৮৫৪৭ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্তৰ সংখ্যা।

অসমত ৫৬৪৭ জন ব্যক্তি এইপৰ্য্যন্ত আৰোগ্য হৈ উঠিছে। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৮৮৫ জন।

অসমত ক’ভিড-১৯ৰ ফলত এতিয়ালৈকে ১২ গৰাকী লোকৰ মৃত্যু ঘটিছে।

এই কথা টুইটাৰযোগে জনাইছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

কালিৰ দিনটোত মুঠ ৬১৩ গৰাকী লোক ক’ভিড-১৯ ত আক্ৰান্ত হৈছিল।

গুৱাহাটীত ভয়ংকৰ ৰূপত গণ সংক্ৰমণ হোৱাৰ ফলত যোৱা ১৫ জুনৰ পৰা এতিয়ালৈকে প্ৰায় ১৮০০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

কালি দিনৰ ভাগত ৪১ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল। ইয়াৰে শোণিতপুৰ জিলাৰ ১৮ গৰাকী, যোৰহাটৰ ৬ গৰাকী, কামৰূপ মেট্ৰোৰ ৫ গৰাকী, তিনিগৰাকী লখিমপুৰ, নগাঁৱৰ তিনিগৰাকী, বৰপেটাৰ তিনিগৰাকী, দুগৰাকী কাৰ্বিআংলঙৰ আৰু এগৰাকী ধেমাজিৰ আছিল।

সোমবাৰৰ দিনটোত একেলগে ৩০২ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল। ইয়াৰে ২৪ ঘণ্টাৰ ভিতৰত কেৱল গুৱাহাটীত ১৭২ গৰাকী আক্ৰান্ত হৈছিল।

গুৱাহাটীক বাদ কৰি কোন কোন ঠাইৰ কিমানগৰাকী আক্ৰান্ত হৈছে সেয়া উল্লেখ কৰা নাছিল স্বাস্থ্য মন্ত্ৰীয়ে।

যোৱা ২৭ জুনত ৩৪৭ গৰাকীৰ দেহত এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ হৈছিল। ইয়াৰে ১৯৫ গৰাকী গুৱাহাটীৰ আছিল।

ইপিনে আজি MMCH ত টেষ্টিং লেব এটা উন্মোচন কৰিবলৈ গৈ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “মোক নিশা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ফোন কৰিছিল, ভাৰত চৰকাৰৰ পৰ্যালোচনাত গুৱাহাটীৰ ক’ভিড পৰিস্থিতি অৱনতি ঘটাৰ আশংকা কৰিছে’।

তেওঁ লগতে কয়, ‍‘যোৱা ৪-৫ দিনত যিদৰে ক’ভিড ৰোগী চিনাক্ত হৈছে সেয়া দিল্লী-মুম্বাইৰ পেটাৰ্নত আগবঢ়াৰ ইংগিত বুলি ICMR ত পাইছে। গতিকে মোক গুৱাহাটীৰ পৰীক্ষা পদ্ধতি কিছু সলনি কৰিবলৈ পৰামৰ্শ দিছে’।

মন্ত্ৰী হিমন্তৰে হোৱা টেলিফোনিক বাৰ্তালাপত গুৱাহাটীৰ লোকক অত্যন্ত সাৱধানতা অৱলম্বন কৰি থাকিবলৈ পৰামৰ্শ অমিত শ্বাহৰ।

উল্লেখযোগ্য যে, গুৱাহাটী মহানগৰীত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে সামাজিক (গণ) সংক্ৰমণ। যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ পৰা ১৪ দিনৰ বাবে সমগ্ৰ কামৰূপ মেট্ৰোত দিয়া হৈছে লকডাউন।

ইয়াৰ উপৰি, ৰাজ্যৰ অন্য টাউন এলেকাত প্ৰত্যেক সপ্তাহৰ শনিবাৰ দেওবাৰে ঘোষণা কৰা হৈছে লকডাউন।

লগতে সমগ্ৰ ৰাজ্যত সন্ধ্যা ৭ বজাৰ পৰা পুৱা ৭ বজালৈকে জাৰি কৰা হৈছে সান্ধ্য আইন।

Related News