NORTHEAST NOW (Assamese)

Covid Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত; মৃত্যু কিমানৰ?

December 10, 2021 6:49 am · এন ই নাও নিউজ, গুৱাহাটী

Covid Update অ’মিক্ৰণৰ আতংক চলি থকাৰ মাজতে অসমত কোভিড পজিটিভিটিৰ হাৰ এতিয়াও ১ শতাংশৰ তলতে আছে আৰু দৈনিক সংক্ৰমণো প্ৰায় নিয়ন্ত্ৰণাধীন হৈ আছে।

বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যখনত কোভিডত ২গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১৪৬গৰাকী লোক।

এই সময়ছোৱাত ৩০,৩৯৩টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৬৫ গৰাকী লোক। সেইদৰে ১৪গৰাকী শোণিতপুৰ, ১গৰাকী বৰপেটাত আৰু গৰাকী গোলাঘাটত আক্ৰান্ত হৈছে।

ৰাজ্যত বৰ্তমান কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১১৯গৰাকী ৰোগী।

বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত কোভিডৰ পৰা সুস্থ হৈ উঠিছে ১২গৰাকী লোক।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.৪৮ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.৬০ শতাংশ।

দেশত কৰ’নাৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰাৰ পাছত স্বাভাৱিকতে মানুহৰ মনত নতুনকৈ আশংকাৰ সৃষ্টি হৈছে।

বিশেষজ্ঞসকলে কোভিড প্ৰতিৰোধৰ বাবে সকলোকে মাস্ক পৰিধানকে ধৰি কোভিড বিধিসমূহ মানি চলাৰ পৰামৰ্শ দিছে।

Related News