NORTHEAST NOW (Assamese)

ৰাজ্যত আজি নতুনকৈ কিমান লোক আক্ৰান্ত হ’ল কোভিডত, মৃত্যু কিমানৰ?

January 29, 2022 8:48 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্যত বিগত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা কিছু হ্ৰাস পাইছে যদিও মৃত্যুৰ সংখ্যা উদ্বেগ বৃদ্ধি কৰি ৰাখিছে

আনহাতে, যোৱা ২৪ ঘন্টাত পজিটিভিটিৰ হাৰ আৰু কিছু হ্ৰাস পাইছে। সেইদৰে সুস্থতাৰ হাৰো সামান্য বৃদ্ধি পাইছে।

ৰাজ্যখনত আজিৰ দিনটোত মুঠ ২২৯৪গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।

ইপিনে, বিগত ২৪ ঘন্টাত অকল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ৫৩৫গৰাকী লোক।

আজি ৰাজ্যখনত মুঠ ৩৫,৭৭৭ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছিল।

আজিৰ দিনটোত পজিটিভিটিৰ হাৰ হৈছে .৪১ শতাংশ।

সেইদৰে, সুস্থতাৰ হাৰ হৈছে ৯.৮৮ শতাংশ।

ইপিনে বিগত ২৪ ঘন্টাত ৰাজ্যখনত কোভিডত ২২ জন লোকৰ মৃত্যু ঘটিছে।

Related News