সাৱধান! ২৪ ঘণ্টাত গুৱাহাটীত ৩৭৮ গৰাকী ক’ৰ’নাত আক্ৰান্ত

প্ৰতিনিধিত্বমূলক চিত্ৰ

গুৱাহাটীত যোৱা ২৪ ঘণ্টাৰ ভিতৰত পুনৰ ৩৮০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

সমগ্ৰ ৰাজ্যত নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে ৪০৮ গৰাকী লোক।

কালি পুৱাৰ ভাগতো গুৱাহাটীতে ১২২ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ অহা বুলি টুইটাৰযোগে জনাইছিল।

মঙলবাৰেও নিশা ১২ বজাত ৩৮০ গৰাকী আক্ৰান্ত হোৱাৰ খবৰ দিছিল মন্ত্ৰীগৰাকীয়ে।

ৰাজ্যত ৮৯৫৫ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্তৰ সংখ্যা।

অসমত ৫৮৩১ জন ব্যক্তি এই পৰ্য্যন্ত আৰোগ্য হৈ উঠিছে। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩১০৯ জন।

অসমত কোভিড-১৯ৰ ফলত এতিয়ালৈকে ১২ গৰাকী লোকৰ মৃত্যু ঘটিছে।

এই কথা টুইটাৰযোগে জনাইছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মঙ্গলবাৰৰ দিনটোত ৰাজ্যত মুঠ ৬১৩ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হৈছিল।

গুৱাহাটীত ভয়ংকৰ ৰূপত গণ সংক্ৰমণ হোৱাৰ ফলত যোৱা ১৫ জুনৰ পৰা এতিয়ালৈকে প্ৰায় ১৮০০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

মঙলবাৰে দিনৰ ভাগত ৪১ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল। ইয়াৰে শোণিতপুৰ জিলাৰ ১৮ গৰাকী, যোৰহাটৰ ৬ গৰাকী, কামৰূপ মেট্ৰোৰ ৫ গৰাকী, তিনিগৰাকী লখিমপুৰ, নগাওঁৰ তিনিগৰাকী, বৰপেটাৰ তিনিগৰাকী, দুগৰাকী কাৰ্বিআংলংৰ আৰু এগৰাকী ধেমাজিৰ আছিল।

দেওবাৰৰ দিনটোত একেলগে ৩০২ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল। ইয়াৰে ২৪ ঘণ্টাৰ ভিতৰত কেৱল গুৱাহাটীত ১৭২ গৰাকী আক্ৰান্ত হৈছিল।

যোৱা ২৭ জুনত ৩৪৭ গৰাকীৰ দেহত এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ হৈছিল। ইয়াৰে ১৯৫ গৰাকী গুৱাহাটীৰ আছিল।

উল্লেখযোগ্য যে, গুৱাহাটী মহানগৰীত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে সামাজিক (গণ) সংক্ৰমণ। যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ পৰা ১৪ দিনৰ বাবে সমগ্ৰ কামৰূপ মেট্ৰোত দিয়া হৈছে লকডাউন।

ইয়াৰ উপৰি, ৰাজ্যৰ অন্য টাউন এলেকাত প্ৰত্যেক সপ্তাহৰ শনিবাৰ দেওবাৰে ঘোষণা কৰা হৈছে লকডাউন।

লগতে সমগ্ৰ ৰাজ্যত সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈকে জাৰি কৰা হৈছে সান্ধ্য আইন।