NORTHEAST NOW (Assamese)

Covid Update: ৰাজ্যত নতুনকৈ ২৪ ঘন্টাত কিমান লোক আক্ৰান্ত হ’ল কোভিডত, মৃত্যু কিমানৰ?

January 23, 2022 6:58 am · এন ই নাও নিউজ, গুৱাহাটী

Covid Update ৰাজ্যত কোভিড-১৯ৰ দ্ৰুত সংক্ৰমণৰ মাজতে বিগত ২৪ ঘন্টাত পাঁচ সহস্ৰাধিক লোক আক্ৰান্ত হোৱাৰ লগতে সুস্থতাৰ হাৰো হ্ৰাস পাইছে।

ৰাজ্যত পজিটিভিটিৰ হাৰ হঠাতে ১২.১৬ শতাংশ হোৱাৰ কথাই ৰাজ্যৰ কোভিড পৰিস্থিতিৰ ভয়াৱহ ৰূপটোকে দাঙি ধৰিছে।

ৰাজ্যখনত শনিবাৰৰ দিনটোত মুঠ ৫৫৮০ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।

লগতে পঢ়ক: Breaking News কি হৈছে অসমত? এইবাৰ নগাঁৱত আৰক্ষীয়ে গুলীয়ালে ছাত্ৰ নেতাক!

ইপিনে, যোৱা ২৪ ঘন্টাত অকল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ১১৭২ গৰাকী লোক।

শনিবাৰৰ দিনটোত ৰাজ্যখনত মুঠ ৪৫,৯০০ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছিল।

এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯১.৯৯ শতাংশ।

শনিবাৰে ৰাজ্যখনত কোভিডত ১৩ গৰাকীলোকৰ মৃত্যু ঘটিছে।

Related News