NORTHEAST NOW (Assamese)

ৰাজ্যত নতুনকৈ ৭২ গৰাকী লোকৰ কোভিডত মৃত্যু; আক্ৰান্ত ৩৫৬৩ গৰাকী লোক

May 24, 2021 6:34 am · এন ই নাও নিউজ
Updated: May 24, 2021 6:44 am

ৰাজ্যৰ কোভিড পৰিস্থিতিৰ সামান্য উন্নতি ঘটিছে যদিও এতিয়াও উদ্বেগজনক হৈয়েই আছে।

ৰাজ্যখনত নতুনকৈ কোভিডে কাঢ়ি নিছে গৰাকী ৭২ গৰাকী লোকৰ প্ৰাণ ।
বিগত ২৪ ঘণ্টাত ৰাজ্যত মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছে ৩৫৬৩ গৰাকী লোক ।

দেওবাৰে ৰাজ্যখনত মুঠ ৬২৭২২ টা কোভিডৰ পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ৬২৪ গৰাকী লোক । কোভিড পজিটিভিটিৰ হাৰ হৈছে ৫.৬৮ শতাংশ ।

এই সময়ছোৱাত ৰোগমুক্তিৰ হাৰ হৈছে ৮৪.৮৭ শতাংশ ।

ইতিমধ্যে ৰাজ্যত আন্তঃজিলা ভ্ৰমণত নিষেধাজ্ঞা অব্যাহত আছে। ইয়াৰ ফলত কোভিডৰ সংক্ৰমণৰ হাৰ ভালে খিনি নিম্নগামী হোৱাৰ আশা কৰা হৈছে।

ৰাজ্যত অক্সিজেনো প্ৰচুৰ মাত্ৰাত মজুত থকাৰ কথাও মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আহিছে। আনহাতে, দেওবাৰে অক্সিজেন এক্সপ্ৰেছত কেন্দ্ৰৰ পৰা ৮০মেট্ৰিক টন তৰল মেডিকেল অক্সিজেন ৰাজ্যখনলৈ আহি পাইছে।

সেইদৰে, ব্লেক ফাংগাছৰ সংক্ৰমণো এতিয়ালৈকে ৰাজ্যত নিয়ন্ত্ৰণৰ ভিতৰতে আছে।

Related News