দিল্লী চৰকাৰে কোভিড লকডাউনৰ ক্ষতিপূৰণ হিচাপে ৰাজ্য়খনৰ ১৫৫,৩০১ জন অটোৰিক্সা, টেক্সি, ই-ৰিক্সাৰ দৰে ৰাজহুৱা পৰিবহণৰ চালকসকলৰ প্ৰত্য়েকলৈ ৫,০০০ টকা এককালীন বিত্তীয় সাহাৰ্য আগবঢ়াইছে।
দেওবাৰে ৰাজ্য়খনৰ পৰিবহন মন্ত্ৰী কৈলাশ গেহলটে টুইটযোগে চৰকাৰৰ এই সিদ্ধান্ত ৰাজহুৱা কৰিছে।
माननीय मुख्यमंत्री @arvindkejriwal के नेतृत्व में, मुझे यह बताते हुए खुशी हो रही है कि परिवहन विभाग ने 1,55,301 मामलों को मंजूरी दे दी है और सोमवार शाम से पैरा ट्रांजिट वाहनों के चालक / मालिक को उनके आधार से जुड़े बैंक खातों में ₹ 5000 वित्तीय सहायता मिलनी शुरू हो जाएगी।
— Kailash Gahlot (@kgahlot) May 23, 2021
মন্ত্ৰীজনে কয় যে সোমবাৰৰ পৰা তেওঁলোকৰ বেংক একাউণ্টলৈ সাহাৰ্যসূহ প্ৰেৰণ কৰা হ’ব।
উল্লেখযোগ্য় যে দিল্লীত বৰ্তমান ৩১ মে’লৈকে লকডাউন চলি আছে।