গুপ্তকাশী বিশ্বনাথঘাটত আছাম ৰাইফছলৰ বিনামূলীয়া চিকিৎসা সেৱা

a biswa

শোণিতপুৰ জিলাৰ লকৰাস্থিত  ১৭ নং আছাম ৰাইফলছৰ ২২চেক্টৰ এ.আৰ. ৰ জোৱান সকলে আজি  বিশ্বনাথ জিলাৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত গুপ্তকাশী বিশ্বনাথ ঘাটত এক বিনামূলীয়া চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰে ৷

  বিশ্বনাথ ঘাটৰ ৰাস বাকৰিত অনুষ্ঠিত উক্ত চিকিৎসা শিৱিৰত প্ৰায় তিনি শতাধিক ৰাইজক চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামুলীয়াকৈ ঔষধ বিতৰণ কৰে ৷

চিকিৎসা শিৱিৰটোত উপস্থিত থাকি ৰোগী সকলক উৎসাহ যোগায় ১৭নং আচাম ৰাইফলছৰ  মেজৰ অংকিত চিৰহী  আৰু 2nd In Command বি. বি. এল. নাওটিয়াল ৷

  আচাম ৰাইফলচৰ হৈ  চিকিৎসা শিৱিৰত চিকিৎসা আগবঢ়ায় ডা°‌ মনোজ কুমাৰৰ লগতে বিশ্বনাথ ঘাটৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসাকৰ্মী নাৰ্চ সকলে ৷

আচাম ৰাইফলছৰ জোৱান সকলে জনহিতৰ উদ্দেশ্যৰে আগবঢ়োৱা এই চিকিৎসা প্ৰদান কাৰ্যৰ শলাগ লৈছে অঞ্চলটোৰ সচেতন মহলে ৷

এই অনুষ্ঠানত উপস্থিত থাকি সহযোগিতা আগবঢ়াই স্থানীয় সাংবাদিক কাজি জেইদুল ইছলাম, বিশ্বনাথ ঘাটৰ গাওঁ বুঢ়া দিপক দাস, নিৰৱ দাস সহ বহু কেইজন সচেতন ব্যক্তি ।

উল্লেখ্য যে ১৭নং আচাম ৰাইফলছৰ 2nd In Command বি. বি. এল. নাওটিয়ালে গুপ্তকাশী বিশ্বনাথ ঘাটৰ ঐতিহাসিক কৃৰ্তী চিহ্ন তথা মঠ মন্দিৰ পৰিদৰ্শন কৰি ক্ষেত্ৰ অধ্যয়ন কৰে বিষয়া গৰাকীয়ে ।