অসম ৰাইফলছ আৰু নাগালেণ্ড আৰক্ষীৰ যুটীয়া অভিযানত অলপতে ডিমাপুৰ জিলাত এজন এন এছ চি এন(খাংগো) কেডাৰ আটক হয়।
অসম ৰাইফলছে শেহতীয়াভাৱে কৰা এটা টুইটত এই কথা প্ৰকাশ কৰে।
অভিযানৰ সময়ত অভিযানকাৰী দলটোৱে অস্ত্ৰ আৰু গোলা বাৰুদো উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি উল্লেখ কৰে।
আটক হোৱা এন এছ চি এন(খাংগো) কেডাৰ গৰাকীয়ে অঞ্চলটোত সক্ৰিয়ভাৱে সংগঠনটোৰ শক্তি বৃদ্ধিৰ কামত জড়িত হৈ আছিল বুলি অসম ৰাইফলছে লগতে কয়।
আটক হোৱা কেডাৰ গৰাকীৰ পৰা অসম ৰাইফলছ আৰু অসম আৰক্ষীৰ দলটোৱে এটা এ কে-৪৭ ৰাইফল, এটা .৩০৩ ৰাইফল আৰু সজীৱ গুলী উদ্ধাৰ কৰে।
‘‘অসম ৰাইফলছ আৰু নাগালেণ্ড আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত ১১ ডিচেম্বৰত ডিমাপুৰ জিলাত এগৰাকী এন এছ চি এন(খাংগো)কেডাৰক আটক কৰা হয়। আটক হোৱা কেডাৰ গৰাকীৰ পৰা এটা এ কে-৪৭ ৰাইফল, এটা .৩০৩ ৰাইফল আৰু সজীৱ গুলী উদ্ধাৰ কৰা হয়,’’ অসম ৰাইফলছে টুইট কৰে।